শিমলীতোলাৰ নাও দুৰ্ঘটনাৰ নিখোজ পাঁচজনৰে মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ অৱশেষত উদ্ধাৰ হয় গোৱালপাৰাৰ শিমলীতোলাত সংঘটিত হোৱা শোকাবহ নাও দুৰ্ঘটনাত নিখোজ পাঁচ যুৱকৰ মৃতদেহ। আজি পুৱাৰে পৰা এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলায় আৰু অভিযানত পাঁচজনৰ ভিতৰৰে অৱশিষ্ট গৌৰাংগ মালাকাৰ আৰু উদয় সৰকাৰৰ মৃতদেহ উদ্ধাৰ হয়। উল্লেখ্য যে কালি শিমলীতোলা বঙালীপাৰাৰ ৰঞ্জনা সৰকাৰ নামৰ এগৰাকী মহিলাৰ মৃত্যু ঘটাত মৃতদেহ স্থানীয় শ্মশানলৈ নিয়া হৈছিল। জলমগ্ন শ্মশানলৈ যোৱা পথেৰে টুলুঙা হাতনাও এখনেৰে ঘৰলৈ ওভতাৰ পথত সংঘটিত হৈছিল এক শোকাবহ নাও দুৰ্ঘটনা, য’ত নাওখনত থকা মুঠ ২৬জনকৈ লোকৰ ভিতৰত পাঁচজনকৈ লোক সন্ধানহীন হৈ পৰে। তাৰে তিনিজনৰ মৃতদেহ কালিয়েই উদ্ধাৰ হৈছিল যদিও বাকী দুজনৰ মৃতদেহ পোৱা হোৱা নাছিল। আজি পুৱাতেই উদ্ধাৰ হয় গৌৰাঙ্গ মালাকাৰ আৰু পাছলৈ উদয় সৰকাৰ অৰ্থাৎ জলজলী-কৰ্ণৈ নদীত সন্ধানহীন হোৱা পাঁচজনৰে মৃতদেহ উদ্ধাৰ হয়। আজি পুৱাৰে পৰা এছডিআৰএফ বাহিনীৰ অভিযান চলে। এই শোকাবহ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য বিয়পে। স্থানীয় প্ৰশাসন, গোৱালপাৰা জিলা প্ৰশাসন সকলো সষ্টম হৈ পৰে আনকি ঘটনাস্থলীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও পৰিস্থিতিৰ বুজ লোৱা আৰু শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপনৰ বাবে মৃতকৰ পৰিয়ালসমূহত উপস্থিত হয়।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস