নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰৰ বিজয়নগৰত প্ৰচণ্ড ঘূৰ্ণি বতাহৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা,  ১২ জুলাই : তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজান বিজয়নগৰত আজি বিয়লি অহা এজাক প্ৰচণ্ড ঘূৰ্ণি বতাহ আৰু বৰষুণে ৰাইজক বিস্তৰ ক্ষতি কৰে। বতাহজাক ইয়ানেই প্ৰবল আছিল যে নিমিষতে বিজয়নগৰ নামঘৰৰ সকলো টিনপাত এৰুৱাই ভাঙি তচনচ কৰে। ইয়াৰ লগতে বিজয়নগৰ গাঁওখনৰ কেইবাটাও পৰি‌য়ালৰ বাসগৃহৰ টিনপাতৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বহু গছ-বন ভাঙে বুলি খবৰ পোৱা গৈছে। বিজয়নগৰৰ ৰাইজে আটকধুনীয়াকৈ সজাই লোৱা নামঘৰটোৰ টিনপাতসমূহ প্ৰৱল বতাহজাকে এৰোৱাই লণ্ড-ভণ্ড কৰাত এতিয়া গাঁওবাসীয়ে মূৰে-কপালে হাত দিছে। তিতাবৰ মহকুমা প্ৰশাসনক এই পৰিস্থিতিৰ শীঘ্ৰে বুজ লৈ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে আহ্বান জনাইছে।

প্ৰেৰক অজয় শইকীয়া

You might also like