নিয়মীয়া বাৰ্তা, ১৩ জুলাই : কামৰূপৰ টুপামাৰী বদলা টিয়াপাৰাত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । গাঁওখনৰ প্ৰয়াত আব্দুল হকৰ পুত্ৰ ওৱাহাব আলীক কোনোবাই হানি-খুঁচি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে | হাত-ভৰি বন্ধা অৱস্থাত চোতালত প্ৰত্যক্ষ কৰা হয় কিশোৰজনৰ মৃতদেহ। শৰীৰৰ কেইবাঠাইতো আছে আঘাতৰ চিন। কোনো দুৰ্বৃত্তই হানি-খুঁচি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ। ঘটনাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ পোহৰলৈ অহা নাই। অতি দুৰ্গম যাতায়াতৰ আওহতীয়া ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ দিহা কৰে। দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে । এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পিছে অঞ্চলজুৰি |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস