নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ জিৰিবামত গুলীচালনাত নিহত চিআৰপিএফ জোৱান

নিয়মীয়া বাৰ্তা, ১৪ জুলাই : মণিপুৰৰ জিৰিবামত অগ্নিগৰ্ভা পৰিস্থিতি কোনো অৱস্থাতে নিয়ন্ত্ৰিত হোৱা নাই। দেওবাৰে পুৱা জিৰিবামৰ মৰবুং আৰু ছেজাং পুঞ্জীত দুষ্কৃতিকাৰীৰ সৈতে হোৱা গুলীচালনাত এজন  চি আৰ পি এফ জোৱান নিহত হয় । জোৱানজনৰ নাম অজয় ​​কুমাৰ ঝা (৪৮)। ঘৰ  বিহাৰত । পুৱা প্ৰায় দুঘণ্টা ধৰি  নিৰাপত্তা বাহিনী আৰু কুকি উগ্ৰপন্থীৰ মাজত গুলীচালনা সংঘটিত হয় ।‌ এই ঘটনাত এজন নিহত আৰু দুজন আহত হয়।  জিৰিবামত অশান্তিময় পৰিস্থিতি অব্যাহত আছে। এই গুলীচালনাৰ ঘটনাত জিৰিবামত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । 
প্ৰেৰক গৌতম তালুকদাৰ
You might also like