নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ক্ৰমাত সুস্থ হৈ উঠিছে শিল্পী জুবিন গাৰ্গ । আজি জুবিন গাৰ্গক আইচিইউৰ পৰা কেবিনলৈ অনা হ’ব বুলি সংবাদমাধ্যমক জানিবলৈ দিছে ডাঃ হিতেশ বৰুৱাই । অৱশ্যে কেবিনলৈ আনিলেও জুবিনক লগ কৰাৰ বাধা আৰোপ কৰিছে চিকিৎসকে । হাস্পতালত এখন পঞ্জীয়ন বহী থাকিব আৰু যিয়ে জুবিন গাৰ্গক লগ পাবলৈ আহে পঞ্জীয়ন বহীত তেওঁ নিজৰ নাম লিখিব । কোনো প্ৰত্যক্ষদৰ্শীয়ে প্ৰৱেশ কৰিব নোৱাৰিব জুবিনৰ কেবিনত ।
ডাঃ হিতেশ বৰুৱাই জনোৱা অনুসৰি জুবিনক যিহেতু কিছু জিৰণিৰ প্ৰয়োজন গতিকে এইক্ষেত্ৰত ৰাইজ আৰু অনুৰাগীয়েও তেওঁৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিব লাগিব । ইফালে , গোটেই নিশা উজাগৰে থকা জুবিনৰ এই অভ্যাসক পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰটো চেষ্টা চলাই আছে চিকিৎসকে ।
ইফালে , ক্ৰমাত সুস্থ হৈ উঠা জুবিন গাৰ্গে খোৱা-বোৱা আৰু শুৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ ভালেই বুলি জানিবলৈ দিছে হাস্পতাল কৰ্তৃপক্ষই । নিজৰ প্ৰিয় চিনেমা আৰু নচিকেতা গীত শুনিও হাস্পতালৰ বিচনাত সময় পাৰ কৰিছে বুলি উল্লেখ কৰে হিতেশ বৰুৱাই । আজি জুবিনক কেবিনলৈ স্থানান্তৰ কৰাৰ পাচত আৰু কেইটামান দিনৰ পাচতেই জুবিনক হাস্পতালৰ পৰা বিদায় দিব পৰা হ’ব বুলিও উল্লেখ কৰিলে হিতেশ বৰুৱাই ।