নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনন্দৰাম বৰুৱা একাডেমিৰ শিক্ষাৰ্থীৰ পুনৰ্মিলন অনুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ শিক্ষানগৰী পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ ২০১১-২০১৩ত উচ্চতৰ মাধ্যমিক শ্ৰেণীত শিক্ষাগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ এখন পুনর্মিলন সন্মিলন কালি অনুষ্ঠিত হৈ যায়৷ সোণাপুৰৰ পেনেচীয়া ৰিজৰ্টত ‘স্মৃতিকাতৰ সন্মিলন-২.০’ শীর্ষক অনুষ্ঠানটিত শিক্ষানুষ্ঠানখনৰ পৰা ২০১৩ বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈ সম্প্রতি দেশৰ বিভিন্ন প্রান্তত বিভিন্ন কর্মক্ষেত্রত প্রতিষ্ঠা লাভ কৰা একাংশ শিক্ষার্থীয়ে একত্রিত হৈ এক উৎসৱ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে৷ উক্ত সন্মিলনত প্ৰাক্তন শিক্ষাৰ্থীসকলে অতীত স্মৃতি ৰোমন্থন কৰে৷ তেওঁলোকে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিত অতিবাহিত কৰা সময়খিনিক পুনৰ সজীৱ কৰি তোলে আৰু শিক্ষানুষ্ঠাখনৰ পৰা লাভ কৰা বিভিন্ন শিক্ষা, জ্ঞান আৰু অভিজ্ঞতাৰ বাবে একাডেমিৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰব বুলি একেমুখে ব্যক্ত কৰে৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৭ চনৰ ৩০ জুলাইত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে “স্মৃতিকাতৰ সন্মিলন-১.০” অনুষ্ঠিত কৰিছিল। অনুষ্ঠানত উপস্থিত প্ৰাক্তন শিক্ষাৰ্থীসকলে বিভিন্ন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰি এক বিশেষ বঁটা প্ৰদানৰ কথাও ঘোষণা কৰে। আনন্দৰাম বৰুৱা একাডেমিৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক প্ৰয়াত ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্যৰ সোঁৱৰণত আনন্দৰাম বৰুৱা একাডেমিৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ইংৰাজী বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক প্ৰতিবছৰে উক্ত বঁটা প্ৰদান কৰা হ’ব বুলি সন্মিলনখনত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে এই বঁটাৰ আনুষ্ঠানিক কাম আগবঢ়াবলৈ ২০১১-২০১৩ শিক্ষা বৰ্ষৰ দুগৰাকী শিক্ষাৰ্থী ক্ৰমে পল্লৱ দাস আৰু দুহিতা শৰ্মাক দায়িত্বও অৰ্পণ কৰা হয়৷

প্ৰেৰক কল্যাণ কলিতা৷

You might also like