নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাকুছিত পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক 

নিয়মীয়া বাৰ্তা, ১৫ জুলাই : আজি ওদালগুৰি জিলাৰ ডিমাকুছিৰ তাৰখুঁটি চকত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। তাৰখুঁটিৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি কৰি তোলে উত্তেজিত ৰাইজে। উল্লেখযোগ্য যে ডিমাকুছিত বিশেষকৈ ওদালগুৰি-তামুলপুৰ পথৰ ওপৰেৰে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পোৱাৰ বাবেই সঘনাই দূৰ্ঘটনা সংঘটিত হৈ আহিছে৷ একাংশ কমবয়সীয়া উদণ্ড যুৱকে মদ্যপান কৰি তীব্ৰগতিত ডাম্পাৰ চলাই আহিছে, কিন্তু এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে ডাম্পাৰ গাড়ীক কোনো ধৰণৰ তালাচী নচলোৱাৰ বাবে ভয়ানক ভাৱে ডাম্পাৰৰ দৌৰাত্ম বৃদ্ধি পোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে। ওদালগুৰি-তামুলপুৰ পথত স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি দৈনিক হাজাৰ-হাজাৰ পথচাৰীয়ে যাতায়ত কৰে, কিন্তু তথাপিও ডাম্পাৰ চালকসকলে ডাম্পাৰৰ গতিবেগ নিয়ন্ত্ৰণ নকৰাকৈ জধে-মধে গাড়ী চলাই অহাৰো অভিযোগ কৰে স্থানীয় ৰাইজে। যাৰবাবে সোমবাৰে ওদালগুৰি-তামুলপুৰ পথৰ তাৰখুঁটি চকত সংঘটিত হ’ল শোকাৱহ দুৰ্ঘটনাটো । দূৰ্ঘটনাত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত হয় ২ নদী মুখৰ ২৫ বছৰীয়া যুৱক জমিৰ আলী। গিতীবাৰী নদীৰ পৰা AS-28-AC-1681 নম্বৰৰ শিল- বালি কঢ়িয়াই ডিমাকুছি অভিমুখে গৈ থকা অৱস্থাতে জমিৰ আলী (২৫) নামৰ যুৱকজনে পথ পাৰ হৈ থকা সময়তে সংঘটিত হয় এই ভয়ানক দূৰ্ঘটনাতো। তীব্ৰবেগী ডাম্পাৰখনে প্ৰায় ২০ ফুট মান চোঁচৰাই নিয়ে নিহত যুৱকজনক। দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজ পুৰুষ-মহিলাসহ ওলাই আহি তাৰখুঁটি চকত পৰিস্থিতি উত্তাল কৰি তোলে৷ লগে-লগে ঘটনাস্থলীত ডিমাকুছি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক চহিদুল ইছলাম আৰু নিলাক্ষী বড়া আৰক্ষী বাহিনীৰ সৈতে উপস্থিত হয়। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱাত আৰক্ষীৰ সন্মুখতে উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰো বিস্তৰ ক্ষতি কৰে ৷ লগে-লগে ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে উত্তেজিত লোকসকলে ওদালগুৰি-তামুলপুৰ পথ (ইউ-টি ৰোড) অৱৰোধ কৰাৰ লগতে টায়াৰ জ্বলাই পথ অৱৰোধ কৰে। পথ অৱৰোধৰ ফলত ওদালগুৰি-তামুলপুৰ পথৰ তীব্ৰ যান-যঁটৰ সৃষ্টি হয়। উত্তেজিত লোকসকলে তীব্ৰবেগী ডাম্পাৰক নাকি লগোৱাত আৰক্ষীৰ নিষ্ক্ৰীয় ভূমিকাৰ বিৰুদ্ধে অভিযোগ কৰি পৰিস্থিতি উত্তাল কৰি তোলে। উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰবলৈ যোৱা আৰক্ষী আৰু এচ.এচ.বি. ৰ লগতো খণ্ডযুদ্ধত লিপ্ত হয় ৰাইজ ৷ অৱশেষত ঘটনাস্থলীত ভেৰগাওঁ মহকুমা আৰক্ষী বিষয়া দুৰ্গাকিংকৰ শৰ্মাৰ নেতৃত্বত বৃহৎ এচ.এচ.বি. জোৱান সহিতে পানেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱেন্দ্ৰ ব্ৰহ্ম, খাগ্ৰাবাৰী আৰক্ষী চকীৰ আৰক্ষী প্ৰশাসন উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

প্ৰেৰক পিংকু কলিতা

You might also like