নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুলাইঃ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যোৱা পদ্মনাথ গোহাঞিবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱাকে আদি কেইগৰাকীমান অসমীয়া ছাত্ৰৰ আশাসুধীয়া চেষ্টাৰ ফলত ১৯১৭ চনতে অংকুৰিত অসম সাহিত্য সভাখনে আহি আহি শতবৰ্ষ অতিক্ৰমি কৰি ১০৭ বছৰত ভৰি দিলে। কিন্তু বিভিন্ন কাৰণবশতঃ কলিকাতাত অসম সাহিত্য সভাৰ এখন শাখা গঠন হোৱা নাছিল। সেয়ে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাৰ নেতৃত্বত অসম সাহিত্য সভাৰ চলিত কাৰ্যনিৰ্বাহক সমিতিখনৰ তৎপৰতাত আৰু সাম্প্ৰতিক কলকাতা নিৱাসী মনীষা শৰ্মা বৰঠাকুৰকে আদি কৰি কেইগৰাকীমান বিশেষ অসমীয়া ব্যক্তিৰ প্ৰচেষ্টা আৰু সহযোগিতাত কুৰি গৰাকীতকৈ অধিক আজীৱন সদস্যৰ ভুক্তিৰে “অসম সাহিত্য সভা, কলকাতা শাখা” নামকৰণেৰে এখন নতুন শাখা গঠন হয়। এই দিনটো সুদূৰ ভৱিষ্যতলৈ ইতিহাস হৈ ৰ’ব। উক্ত দিনা কলকাতা অসম ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখন আৰম্ভণিৰ প্ৰাক মুহুৰ্তত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতিচ্ছৱিৰ সমুখত বন্তি প্ৰজ্বলন কৰি তিনিওগৰাকী পুৰোধা ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অসম সাহিত্য সভাৰ আৰম্ভণি গীত ৰূপে খ্যাত মিত্ৰদেৱ মহন্ত ৰচিত “চিৰ চেনেহী মোৰ ভাষা জননী” গীতটো পৰিৱেশন কৰে কলকাতা নিৱাসী মহিলা তথা গুৱাহাটীৰ পৰা যোৱা অসম সাহিত্য সভাৰ মহিলা সদস্যাসকলে। কলকাতা নিৱাসী শিল্পী কস্তুৰী শৰ্মা গোস্বামীয়ে এটি বৰগীত পৰিৱেশন কৰি সভাত উপস্থিত সকলোকে মোহিত কৰে। আদৰণি ভাষণ প্ৰদান কৰে কলকাতা নিৱাসী অসমৰ জীয়াৰী মনীষা শৰ্মা বৰঠাকুৰে। উদ্দেশ্য ব্যাখ্যা কৰে অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মনে। উক্ত সভাত নৱগঠিত অসম সাহিত্য সভা, কলকাতা শাখা খনৰ নকৈ ভৰ্তি হোৱা ২৩গৰাকী আজীৱন সদস্যক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্যকান্ত হাজৰিকাই। একে সময়তে তেওঁ নৱগঠিত অসম সাহিত্য সভা, কলকাতা শাখা খনৰ সভাপতি জীৱন ৰয়ৰ হাতত অসম সাহিত্য সভাৰ পতাকা, সংবিধান আৰু অসম সাহিত্য সভাৰ ইতিহাস গ্ৰন্থৰ প্ৰথম আৰু দ্বিতীয় খণ্ড দুটি অৰ্পণ কৰে। বিশিষ্ট লেখক প্ৰয়াত যাদৱ চন্দ্ৰ চলিহাৰ কন্যা বিশিষ্ট লেখিকা, নব্বৈৰ উৰ্দ্ধৰ বৰ্ষীয়ান ৰেখা চলিহা বসুৱে সভাখনত সভাপতিত্ব কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থকা অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্যকান্ত হাজৰিকাই এটি তথ্যগধুৰ আৰু গুৰুত্বপূৰ্ণ বক্তৃতা আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ নৱগঠিত অসম সাহিত্য সভা, কলকাতা শাখাখনে যাতে অসম সাহিত্য সভাৰ সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ হকে কাম কৰি যায় তাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ উপৰি যিসকল মহান ব্যক্তিয়ে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ দৌল নিৰ্মাণ কৰি অসমীয়া জাতিক ধন্য কৰি থৈ গ’ল তেখেত সকলক মৰণোত্তৰভাৱে হ’লেও শ্ৰদ্ধা জ্ঞাপন কৰি বিভিন্ন অনুষ্ঠান পাতিবলৈ আহ্বান জনায়। লগতে এই শাখাখন যাতে অদূৰ ভৱিষ্যতে স্বৰ্ণ শাখালৈ ৰূপান্তৰিত হয় তাৰ বাবে সদস্যসকলক কষ্ট কৰিবলৈ অনুৰোধ জনায়। সভাত অসম সাহিত্য সভাৰ গুৱাহাটীৰ পৰা অহা বিষয়ববীয়া আৰু আজীৱন সদস্যসকলে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰে। লগতে সভাত উপস্থিত কলকাতা নিৱাসী বিশিষ্ট ব্যক্তি সকলোৱে নিজৰ নিজৰ চিনাকি দাঙি ধৰাৰ লগতে এজন এজনকৈ আটাইয়ে মনৰ ভাৱ ব্যক্ত কৰে। এই সভাতে লেখক, নাট্যকাৰ তথা প্ৰাক্তন আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মনৰ পূৰ্বে প্ৰকাশিত লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত ৰচিত “আমাৰ লক্ষ্মীনাথ” শীৰ্ষক গ্ৰন্থখনৰ (পূৰ্ণাংগ নাটক) দ্বিতীয় সংস্কৰণ আৰু একে নামৰ গ্ৰন্থখনৰ কলকাতা নিৱাসী প্ৰাক্তন অধ্যাপক শ্ৰীযুত বাসুদেৱ দাসে বাংলা ভাষালৈ অনুবাদ কৰা “আমাদেৰ লক্ষ্মীনাথ” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্যকান্ত হাজৰিকা আৰু ১১গৰাকী বিষয়ববীয়া আৰু আজীৱন সদস্যৰ উপৰি কলকাতা নিৱাসী প্ৰায় দুকুৰি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি ঔপন্যাসিক প্ৰয়াত ৰায়বাহাদুৰ পদ্মনাথ গোহাঞিবৰুৱাৰ নাতিনী কলকাতা নিৱাসী বিশিষ্ট লেখিকা পিকু সাহা আৰু কলকাতা নিৱাসী লেখিকা তথা অনুবাদক ৰঞ্জিতা বিশ্বাসে। সভাৰ অন্তত সভাপতি ৰেখা চলিহা বসুৱে এটি সুন্দৰ অথচ চমু বক্তব্যৰে সভাপতিৰ মন্তব্য দাঙি ধৰে। মনীষা শৰ্মা বৰঠাকুৰে শলাগ জ্ঞাপন কৰাৰ পিছত সভাত উপস্থিত সকলোৱে মিলি অসম সংগীত ” অ’ মোৰ আপোনাৰ দেশ” গীতটো পৰিৱেশন কৰাৰ পিছতে সভা ভংগ হয়। অনুষ্ঠানটিৰ সামূহিক আঁত ধৰে অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মনে।