নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত ৫ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে নুৰুল হক বৰভূঞাই

🔹 ডিচেম্বৰ মাহত অৱসৰ ল’ব আটকাধীন লাট মণ্ডলজনে

নিয়মীয়া বাৰ্তা, ১৮ জুলাই : দৰমহাৰ টকাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়াৰ ৷ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পিছতো পুনৰ উৎকোচ লৈ হাত দাঙিলে এগৰাকী চৰকাৰী বিষয়াই ৷ বৃহস্পতিবাৰে ৫ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাত দাঙিলে কাছাৰ জিলাৰ এগৰাকী লাট মণ্ডলে । লাট মণ্ডলগৰাকীৰ নাম নুৰুল হক বৰভূঞা। তেওঁ শিলচৰ সদৰ চক্ৰ বিষয়াৰ কাশিপুৰ মৌজাৰ লাট মণ্ডল আছিল । লাট মণ্ডলগৰাকীয়ে ভাৰত মালা আঁচনিৰ অধীনত ভূমি মোকলাই দিয়াৰ নামত অভিযোগকাৰী আছিক আক্তাৰ বৰভূঞাৰ পৰা ১ লাখ ২০ হাজাৰ টকা বিচাৰিছিল । ইয়াৰ পিছত গুৱাহাটীৰ দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰে আছিক আক্তাৰ বৰভূঞাই । আজি প্ৰথম কিস্তিত ৫ হাজাৰ টকা লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ লোকে আটক কৰে লাট মণ্ডলজনক ৷ জানিব পৰা মতে, নুৰুল হক বৰভূঞাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে। জানিব পৰা মতে, চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অৱসৰ ল’ব নুৰুল হক বৰভূঞাই। গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া-কৰ্মচাৰীয়ে লাট মণ্ডলজনক আটক কৰি বহু সময় ধৰি জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like