নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট-কফ ছিৰাপৰ বটল জব্দ, ধৃত ১

নিয়মীয়া বাৰ্তা, ১৮ জুলাই : যোৱানিশা ধুবুৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ ছিৰাপৰ বটল উদ্ধাৰ হোৱাৰ সমান্তৰালকৈ এজন ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত যোৱানিশা ধুবুৰী সদৰ থানাৰ এটি আৰক্ষীৰ দলে চহৰখনৰ এটা ঔষধৰ গুদামত অভিযান চলাইছিল। কেইবাঘন্টা জুৰি চলা সেই অভিযানটোত দলটোৱে ১ লাখৰো অধিক নিচাযুক্ত টেবলেট আৰু নিচাযুক্ত কফ ছিৰাপৰ ৪শৰো অধিক বটল জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ দলটোৱে সাজ্জাদ হুছেইন নামৰ এজন লোককো আটক কৰিছে। ধৃত সাজ্জাদক ধুবুৰী সদৰ থানাত জেৰা চলাই থকা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

 

You might also like