নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ জিমখানা ক্লাবৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা

বিশেষ বাৰ্তা, ১৮ জুলাই : এক ৰহস্যজনক মৃত্যুৰ ঘটনাই জোকাৰি গৈছে ডিব্ৰুগড়ক। ডিব্ৰুগড় চহৰৰ আভিজাত্য জিমখানা ক্লাবৰ এগৰাকী মেনেজাৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি কালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ডিব্ৰুগড় চহৰৰ গাৰ্ডপাৰা অঞ্চলত অৱস্থিত জিমখানা ক্লাবত ক্লাবৰ মেনেজাৰ ভীম ৰজ্জকৰ কালি নিশা প্ৰায় ৯ বজাত ওলমি থকা অৱস্থাত মৃতদেহ ক্লাবৰ ষ্টাফৰ জিৰণি কোঠাৰ ওপৰ মহলাৰ এটা কক্ষত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ চহৰখনতে ব্যাপক চাঞ্চল্য আৰু উত্তেজনাৰ সৃষ্টি হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে ৰজ্জকৰ মৃত্যুক লৈ স্থানীয় কেইবাশ লোকে আহি জিমখানা ক্লাবত জংগী প্ৰতিবাদী ৰূপ ধাৰণ কৰে।উত্তেজিত ৰাইজে ক্লাবৰ চৌহদত প্ৰৱেশ কৰি ঘটনাৰ বিৰোধিতাৰে জিমখানা ক্লাবৰ সদস্যৰ বিৰুদ্ধে তীব্র ক্ষোভ প্ৰকাশ কৰে। ক্ৰমান্বয়ে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ যায়। ইফালে, ৰজ্জকৰ মৃতদেহ ওলমি লৈ থকা অৱস্থাৰ পৰা নমাবলৈ নিদিয়াৰ লগতে মৃতদেহ নিবলৈ অহা এম্বুলেঞ্চখনকো ওভতাই পঠায়। নিশা পৰিস্থিতি ইমানেই জটিল ৰূপ ধাৰণ কৰে যে নিশাই ঘটনাস্থলীত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) চেজল আগৰৱাল, উপ-আৰক্ষী অধীক্ষক, ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ চেত্ৰীসহ, কেইবাটাও আৰক্ষী চকীৰ এক বিশাল আৰক্ষীৰ দল আহি পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা চলায় যদিও উত্তেজিত ৰাইজক নিয়ন্ত্রণ আৰু পতিয়ন নিয়াবলৈ সক্ষম নহয়। পাছত ডিব্ৰুগড়ৰ কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হয় যদিও প্ৰায় ৫ ঘন্টা মানৰ পাছতহে ৰাইজক বুজনিৰে আশ্বস্ত কৰাৰ পাছতহে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নিবলৈ সক্ষম হয়। আনহাতে, বহু লোকে এই ঘটনাক এক পৰিকল্পিত হত্যা বুলি অভিযোগ কৰাৰ লগতে বিলাসী ক্লাবটোৰ চৌহদ আৰু কক্ষত থকা কিছু চিচি টিভি বন্ধ হৈ থকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াত যথেষ্ট ৰহস্যৰ গোন্ধ পোৱা বুলিও ক’ব খোজে। ইফালে, মৃত ৰজ্জকৰ ভাতৃৰ মতে কিছু টকাৰ লেনদেনক লৈ কিছুদিনৰ পৰা ৰজ্জকক একপ্ৰকাৰ মানসিক হাৰাশাস্তি কৰি আহিছিল জিমখানা ক্লাবৰ একাংশ সদস্যই। জানিব পৰা অনুসৰি, ভীম জিমখানা ক্লাবত বহু বছৰ ধৰি মেনেজাৰ হিচাপে কৰ্মৰত আছিল।ভীমৰ ভাতৃৰ মতে, প্ৰায় পাঁচ লাখ টকাৰ খেলিমেলি হৈছিল। ভীম ৰজ্জকে দুই লাখ টকা জিমখানা ক্লাবৰ সমিতিক ঘূৰাই দিয়ে যদিও বাকী টকা দিবলৈ থাকে। যাৰ বাবে ক্লাবৰ একাংশ সদস্যই যথেষ্ট হাৰাশাস্তি কৰিছিল বুলি অভিযোগ কৰে ভীমৰ ককায়েকে। ইফাল, মৃতদেহ নিশা ২ বজা পৰ্যন্ত জিমখানা ক্লাবৰ পৰা লৈ যাবলৈ দিয়া নাছিল স্থানীয় লোকে। ক্ষোভিত লোকৰ দাবী আছিল যে ক্লাবৰ বিষয়ববীয়া উপস্থিত হ’ব লাগিব, নহ’লে মৃতদেহ লৈ যাবলৈ দিয়া নহ’ব। ঘটনাৰ ৫ ঘন্টাৰ পাছতো ৰাইজ শান্ত হোৱা নাছিল। এই সময়ছোৱাত কেইবাবাৰো আৰক্ষীৰ সৈতে স্থানীয় লোকৰ তৰ্ক-বিতৰ্কও হৈছিল। এতিয়া ভীম ৰজ্জকৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ গাৰ্ডপাৰা অঞ্চলতে এক চেপা উত্তেজনা বিৰাজ কৰিছে। চহৰখনৰ গাৰ্ডপাৰা অঞ্চলতে নিগাজিকৈ থকা ভীমে কিয় আৰু কি পৰিস্থিতিত জিমখানা ক্লাবলৈ আহি চৰম পন্থা ল’বলগীয়া হ’ল, তাকে এতিয়া সকলোকে ভবাই তুলিছে। আৰক্ষীৰ প্ৰকৃত তদন্তই সকলো ৰহস্যৰ ওৰ পেলাব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like