নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়া লিমিটেডৰ নতুন সঞ্চালক (অন্বেষণ আৰু বিকাশ) চাল’মা য়মডু

নিয়মীয়া বাৰ্তা, ১৯ জুলাই : ভাৰত চৰকাৰৰ নতুন মহাৰত্ন ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ সঞ্চালক (অন্বেষণ আৰু বিকাশ) হিচাপে চাল’মা য়মডুয়ে আজি দায়িত্বভাৰ গ্ৰহণ কৰে। ইণ্ডিয়ান ইনষ্টিটিউট অফ্ টেকন’লজি (ইণ্ডিয়ান স্কুল অফ মাইন) ৰ পৰা পেট্ৰ’লিয়াম অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰা য়মডুয়ে ১৯৯৪ চনত অইল ইণ্ডিয়াত যোগদান কৰিছিল। উল্লেখযোগ্য যে অন্বেষণ আৰু বিকাশৰ সঞ্চালক হোৱাৰ পূৰ্বে চাল’মা য়মডু সেই বিভাগৰে কাৰ্য্যবাহী সঞ্চালকৰ দায়িত্বত থাকি দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্বেষণ আৰু বিকাশৰ সৈতে জড়িত কাৰ্য্যসমূহ নিৰীক্ষণ কৰিছিল । য়মডুয়ে অইলৰ তেল আৰু গেছ ক্ষেত্ৰসমূহৰ বিভিন্ন অন্বেষণ আৰু উন্নয়ন কাৰ্য্যৰ লগতে তৈল ভাণ্ডাৰ ব্যৱস্থাপনা পদ্ধতি সক্ৰিয়ভাৱে ৰূপায়ণ কৰাৰ উপৰি প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিছিল আৰু উপযুক্ত প্ৰযুক্তি আৰু ভূ-বৈজ্ঞানিক অধ্যয়নৰ জৰিয়তে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ নেতৃত্বতে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহে উৎপাদনৰ মাত্ৰা বৰ্তাই ৰখাৰ লগতে তেল আৰু গেছ ক্ষেত্ৰৰ আয়ুস বৃদ্ধি কৰাতো অৰিহণা যোগাইছে। য়মডুয়ে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় ফ’ৰামত যথেষ্ট সংখ্যক কাৰিকৰী গৱেষণা পত্ৰ উপস্থাপন আৰু প্ৰকাশ কৰিছে। তদুপৰি চাল’মা য়মডু ছ’চাইটি অফ পেট্ৰ’লিয়াম ইঞ্জিনিয়াৰ্ছ (এছ পি ই) আৰু এছ’চিয়েশ্যন অফ্ পেট্ৰ’লিয়াম জিঅ’লজিষ্টছ (এ পি জি)ৰো এজন সক্ৰিয় সদস্য।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like