নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ ভকতগাঁৱত কফ ছিৰাপ-ড্ৰাগছসহ আটক এক

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিয়ান অব্যাহত আছে৷ ৰূপহীহাট আৰক্ষীয়ে আজি পুৱাৰ ভাগত এক গোপন সূত্ৰৰ পম খেদি ভকতগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে চলায় অভিযান৷ আৰক্ষীৰ অভিযানত ১৮টাকৈ নিচা জাতীয় কফ চিৰাপৰ বটল আৰু ২০টা ড্ৰাগছভৰ্তি কন্টেইনাৰসহ আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মকবুল হুছেইন৷ মকবুল হুছেইনে মহখুলিৰ পৰা ৰূপহী ভকতগাঁওলৈ ড্ৰাগছ বিক্ৰী কৰিবলৈ আহিছিল৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like