নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰ চুক্তিৰ ১৫০০ কোটি লুণ্ঠনৰ ফন্দি বিপিএফৰঃ প্রমোদ বড়ো

নিয়মীয়া বার্তা, ৫ মার্চঃ বাগ্সা জিলাৰ শালবাৰীত বুধবাৰে ইউ পি পি এলৰ এখন কর্মশালা অনুষ্ঠিত হয় ৷ কর্মশালাখনত ইউ পি পি এলৰ সভাপতি তথা এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োৱে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলক কঠোৰ সমালোচনা কৰি বিটিচিৰ ৰাইজে পৰিৱর্তন বিচাৰিছে বুলি মন্তব্য কৰে ৷ তেওঁ কয়– ‘বি পি এফ চৰকাৰে ইতিমধ্যে ৪–৫ হাজাৰ কোটি খৰচ কৰিছে ৷ ৩ হাজাৰ ৪ হাজাৰ ধাৰ লগাইছে ৷ এইবাৰ শান্তি চুক্তিৰ ১৫০০ কোটি খোৱাৰ ফান্দ পাতিছে ৷ বিটিচিৰ ৰাইজে এতিয়া সম উন্নয়ন, সম অধিকাৰ বিচাৰিছে ৷ বি পি এফ চৰকাৰৰ দুর্নীতি–ভ্রষ্টাচাৰৰ বাবে ৰাইজ স্বতঃস্ফূর্তভাৱে ওলাই আহিছে পৰিৱর্তন বিচাৰি ৷ পৰিৱর্তনৰ বাবে কাম কৰি শান্তি স্থাপনৰ বাবে সকলোৱে আগবাঢ়িছে ৷’

যিসকলে দুর্নীতি কৰিছে এদিন নহয় এদিন শাস্তি পাব বুলি উল্লেখ কৰে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে ৷ শালবাৰী জিলা ইউ পি পি এলৰ সভাপতি যোগেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই কর্মশালাত বিভিন্ন ৰাজনৈতিক দলৰ নেতা–কর্মীৰ লগত আমছুৰ প্রাক্তন শিক্ষা সম্পাদক ছাজাহান আলী আহমেদে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ৷ বিভিন্ন দল–সংগঠনৰ ৬০৬ নেতা–কর্মীয়ে ইউ পি পি এলত যোগদান কৰে৷ এই কর্মশালাখনত ককলাবাৰী সমষ্টিৰ এম চি এল এ অনিপ বসুমতাৰীয়ে ইউ পি পি এলৰ সাধাৰণ সম্পাদক চিলাৰায় বসুমতাৰী, সাংগঠনিক সম্পাদক খগেন বসুমতাৰী, মজিব আলী আহমেদ, মহিলা মর্চাৰ সম্পাদিকা বিউটী বসুমতাৰী, কেন্দ্রীয় সম্পাদক নজৰুল ইছলাম, মহিলা মর্চাৰ সাংগঠনিক সম্পাদিকা জহুৰা খাতুন, মণিকা বসুমতাৰী, সংখ্যালঘু মর্চাৰ হানিফ আলী, এছ চি মর্চাৰ সম্পাদক প্রদীপ সৰকাৰ, সংখ্যালঘু মর্চাৰ সাংগঠনিক সম্পাদক আব্দুল কালাম আজাদ, কেন্দ্রীয় সদস্য জনৈক খালেক, কনক চন্দ্র বড়ো উপস্থিত থাকে ।

You might also like