নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বর্ষৰ পৰা নিয়ন্ত্রিত ৰূপত বোৱাই নিব নগঞাৰ প্রাণৰ কলঙক

নিয়মীয়া বার্তা, ৫ মার্চঃ বহু কবি–সাহিত্যিকৰ প্রেৰণাৰ উৎস কলং ৷ নগাঁৱৰ সকলো ইতিহাসৰ সাক্ষী এই কলং বহু বছৰ ধৰি স্তব্ধ ৷ তাহানিতে কুলু কুলু ধ্বনিৰে বৈ থকা কলংখনৰ মুখখন হাতীমূৰা আৰিকাটিৰ ওচৰত মথাউৰি নির্মাণৰ জৰিয়তে বন্ধ কৰি দিয়া হৈছিল ১৯৬৪ চনত ৷ নগাঁও চহৰ সুৰক্ষাৰ নামতেই এই নদীখনৰ গতি স্তব্ধ কৰা হৈছিল ৷ এতিয়া কলং নবয় ৷ কলঙৰ বুকু বাম হৈ গ’ল ৷ আৱর্জনাৰ থলীতহে পৰিণত হ’ল নগঞাৰ প্রাণৰ কলংখন ৷ অথচ নগঞা জনজীৱনৰ প্রাণৰ স্পন্দন কলঙৰ পাৰতেই নগঞাৰ সাহিত্য, সংস্কৃতি, অর্থনীতি আদিৰ বুনিয়াদ গঢ়ি উঠিছিল ৷ কলং আৱর্জনাৰ থলীত পৰিণত হোৱাত বিগত দুটা দশকত কলঙত সৃষ্টি হোৱা প্রদূষণক লৈ নগাঁওবাসী উদ্বিগ্ন হৈ পৰিছে ৷ বিভিন্ন ব্যক্তি আৰু দল, সংগঠনে কলঙক পুনৰ বোৱাই নিবৰ বাবে দাবী উত্থাপন কৰি আহিছে ৷

কলঙক পুনৰ উজ্জীৱিত কৰাৰ লগতে ইয়াৰ দুয়োপাৰৰ সৌন্দর্যবর্ধনেৰে নগঞাৰ প্রাণৰ আপোন কলংসুঁতিক প্রকৃতিৰ নিয়ম অনুসাৰে চিৰপ্রৱাহিত কৰাৰ অনেক সংকল্পও ইতিমধ্যে গ্রহণ কৰা হৈছে৷ তদানীন্তন কংগ্রেছ চৰকাৰৰ আমোলত কলঙৰ সৌন্দর্যবর্ধন আৰু বিনোদন কেন্দ্রৰ নামত কেইবা কোটি টকাৰ আঁচনি লৈছিল যদিও চৰকাৰী ধনৰ ওপৰত হোৱা অবাধ লুণ্ঠনৰ বাবে সেই আঁচনি প্রহসনত পৰিণত হয় ৷ শেহতীয়াকৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই কলঙক পুনৰুজ্জীৱিতকৰণৰ বাবে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে নগাঁও চহৰৰ মাজেৰে বোৱা কলঙৰ অংশটোৰ খহনীয়া প্রতিৰোধ আৰু সৌন্দর্যবর্ধনৰ বাবে বিধায়ক শর্মাই বিশেষ পদক্ষেপ গ্রহণ কৰি আঁচনিৰ কাম আৰম্ভ কৰিছে ৷ কলঙক লৈ সদা সচেতন নগাঁৱৰ বিধায়ক শর্মাই বুধবাৰে অসম বিধানসভাৰ মজিয়াত কলঙক পুনৰ প্রৱাহিত কৰাৰ সন্দর্ভত এক প্রশ্ন উত্থাপন কৰি অসম চৰকাৰৰ জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ দৃষ্টি আর্কষণ কৰে ৷ বিধায়ক শর্মাৰ প্রশ্নৰ উত্তৰত জলসম্পদ মন্ত্রী মহন্তই জলসম্পদ বিভাগে কলংখন পুনৰ বোৱাই নিবৰ বাবে ছিগনেচাৰ প্রজেক্ট গ্রহণ কৰা আৰু ইতিমধ্যেই ইয়াৰ ডি পি আৰ প্রস্তুত হোৱা, ইয়াৰ বাবে ১৩৫ কোটি ৪০ লাখ টকা অনুমোদন পোৱা, লগতে প্রশাসনীয় অনুমোদনৰ বাবে বিত্ত বিভাগলৈ প্রেৰণ কৰা আৰু এই অনুমোদনৰ পিছতেই নিবিদা আহ্বান কৰা, অহা এবছৰৰ ভিতৰত কলংপৰীয়া তথা মধ্য অসমবাসীয়ে সু খবৰ লাভ কৰাৰ কথা জনায় বুলি বিধায়ক শর্মাই জানিবলৈ দিছে ৷

আনকি সদনত জলসম্পদ মন্ত্রী মহন্তই অহা বর্ষৰ ভিতৰত কলংখন নিয়ন্ত্রিত ৰূপত বোৱাই তোলা হ’ব বুলিও আশ্বাস দিয়া বুলিও শর্মাই জানিবলৈ দিছে ৷ বিধায়ক শর্মাই কয়, ‘এজন নগঞা বিধায়ক হিচাপে কলঙৰ প্রতি থকা আমাৰ দায়বদ্ধতা মানি কলঙক পুনৰ প্রৱাহিত কৰাৰ বিষয়টোক বিধানসভাৰ মজিয়াত গুৰুত্ব প্রদানৰ চেষ্টা চলাওঁ আৰু জলসম্পদ মন্ত্রী মহন্তই বিষয়টো গুৰুত্বসহকাৰে লোৱা পৰিলক্ষিত হয় ৷ আমি আশাবাদী ৷ আমাৰ প্রাণৰ কলং পুনৰ জিৰ জিৰকৈ ব’ব ৷’ বুধবাৰে বিধানসভাৰ মজিয়াত কলঙৰ প্রসংগ উত্থাপন কৰি চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ মন্ত্রীৰ দৃষ্টিগোচৰ কৰোৱাৰ বাবে নগঞা ৰাইজে বিধায়ক শর্মাৰ শলাগ লৈছে ৷

You might also like