নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত দুৰ্ধৰ্ষ ডকাইতৰ ভৰিত গুলীয়ালে আৰক্ষীয়ে

🔹 ৰাজ্যত পুনৰ এনকাউন্টাৰ
বিশেষ বাৰ্তা,  ২১ জুলাই : সদাব্যস্ত গুৱাহাটী-দৌলাশাল পথৰ মুকালমুৱাৰ নিকটৱৰ্তী দমদমা পথাৰ চ’কত ১৯ জুলাইৰ ফুট গধূলিতে তিনিজনীয়া দুৰ্ধৰ্ষ ডকাইতৰ এটা দলে জোতা-চেণ্ডেলৰ এগৰাকী পাইকাৰী ব্যৱসায়ীক গুলীয়াই কেইবালক্ষ টকা কাঢ়ি লৈ যোৱা ঘটনাৰ চাঞ্চল্য অব্যাহত আছে। উল্লেখ্য যে বৰপেটা জিলাৰ চটলা গাঁৱৰ ব্যৱসায়ী জাকিৰ হুছেইনে (৪৬) কেইবাবছৰ ধৰি মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ৪২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দমদমা পথাৰ চ’কত জোতা- চেণ্ডেলৰ পাইকাৰী ব্যৱসায় আৰম্ভ কৰিছিল। যোৱা ১৯ জুলাইৰ আবেলি প্ৰায় ৫.৩০ বজাত ব্যৱসায়ীগৰাকীয়ে নিজৰ ব্যৱসায় সামৰি ঘৰলৈ বুলি মটৰচাইকেলেৰে গৈ থকা অৱস্থাত তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগত এখন মটৰচাইকেলত উঠি অহা তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে ব্যৱসায়ী জাকিৰক বাট আগচি গবা মাৰি ধৰি তেওঁৰ কান্ধত ওলমাই ৰখা টকাৰ বেগখন কাঢ়ি লৈ যায়। পিছত দুৰ্বৃত্ত তিনিজনৰ এজনে ব্যৱসায়ীগৰাকীৰ সোঁ-ভৰিত পিষ্টলেৰে তিনিজাঁই গুলী কৰি নিমিষতে ঘটনাস্হলীৰ পৰা আঁতৰি যায়। ফলত দুৰ্বৃত্তৰ গুলীত আহত হৈ ব্যৱসায়ী জাকিৰ হুছেইন ঘটনাস্হলীত পৰি ৰয়। এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ২৪ ঘন্টাৰ ভিতৰতেই ডকাইতিৰ লগত জড়িত দুজনক কালি স্থানীয় মুকালমুৱা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ডকাইত দুটা হৈছে হামিদ আলী আৰু কংকন ডেকা। হামিদৰ ঘৰ হাজো থানাৰ অন্তৰ্গত বুল্লুটপাৰ গাঁৱত। গাঁওখনৰ আৰন আলীৰ পুত্ৰ হৈছে হামিদ আলী (২৬)। আনহাতে, কংকন ডেকা (২৫)ৰ ঘৰ মুকালমুৱা থানাৰ অন্তৰ্গত আদাবাৰীত। মুকালমুৱা আৰক্ষীয়ে ঘটনাৰ নিশাই হামিদ আলীক হাজো আৰক্ষী থানাৰ অন্তৰ্গত মিলপাৰা চ’কৰ পৰা আটক কৰাৰ বিপৰীতে পিছদিনা পুৱা আদাবাৰী চ’কত বাছত উঠি পলাবলৈ লওঁতেই কংকনক আদাবাৰী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ আই প্ৰকাশ কপোহোৱাই অতৰ্কিতে আটক কৰে। লগতে দুৰ্বৃত্তৰ দলটোৱে ঘটনাত ব্যৱহাৰ কৰা .৭৫ এম এম পিষ্টলটোও কেইবাটাও সক্ৰিয় গুলীসহ এখন পৰিত্যক্ত হাবিত লুকুৱাই থোৱাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে। ইয়াৰ পিছতে কালি ঘটিল আৰক্ষীৰ এনকাউন্টাৰ। মুকালমুৱা আৰক্ষীৰ জিম্মাত থকা দুৰ্ধৰ্ষ ডকাইত হামিদ আলীক এনকাউন্টাৰ কৰিলে আৰক্ষীয়ে। কালি নিশা চলা আৰক্ষীৰ অভিযানকালত আৰক্ষীৰ জিম্মাৰ পৰা হামিদ আলীয়ে পলায়ন কৰোঁতেই আৰক্ষীয়ে  গুলীচালনা কৰাত ডকাইত হামিদ আলীৰ সোঁ-ভৰিত গুলী লাগি সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত আজি নলবাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক সুপ্ৰিয় দাসক লগত লৈ সংবাদ মেল সম্বোধন কৰি ডিআইজিপি ইন্দ্ৰাণী বৰুৱাই এনকাউন্টাৰৰ ঘটনা সন্দৰ্ভত কয়- কালি নিশা প্ৰায় ৩ বজাত আৰক্ষীৰ অভিযান কালত এগৰাকী কনিষ্টবলক ঠেলি পলাইছিল হামিদ আলীয়ে। তেতিয়া আৰক্ষীয়ে ডকাইতটোৰ পিনে লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। এই ঘটনাত এগৰাকী উপ-পৰিদৰ্শক আৰু এগৰাকী কনিষ্টবল আহত হয়। সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে সোঁ-ভৰিত গুলী লগা হামিদ আলী। ইপিনে, ডকাইতে ব্যবহাৰ কৰা এটা পিষ্টল আৰু ডকাইতি কাৰ্যত  ব্যৱহৃত বাইকখন জব্দ কৰা হৈছে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে উল্লেখ কৰে। আনহাতে, আৰক্ষীয়ে ধৃত ডকাইতৰ দলৰ পৰা কিছু নগদ ধন উদ্ধাৰ কৰা বুলি কালি আৰক্ষী অধীক্ষকৰ লগতে ডিআইজিপিগৰাকীয়েও আজি সংবাদ মেলত সদৰী কৰিছে যদিও ৰহস্যজনকভাৱে টকাৰ পৰিমাণ জনোৱাৰ পৰা বিৰত থাকে। জানিব পৰা মতে, মুঠ ৫ লাখ ১০ হাজাৰ টকা ডকাইতে ব্যবসায়ীজনৰ পৰা লুট কৰি নিছিল।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like