নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জে পি দাস-ডাঃ পংকজ অধিকাৰীক ডিপিআৰচি বঁটা প্ৰদান

🔹 নলবাৰীত ডিপিআৰচিৰ বৰ্ণিল অনুষ্ঠান

🔹 ১২গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২১ জুলাই : অসমৰ অগ্ৰণী ফিজিঅ’থেৰাপী প্ৰতিষ্ঠান দিগন্তজ ফিজিঅ’থেৰাপী এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ চমুকৈ DPRCৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে কালি নিশা নলবাৰীত ডি পি আৰ চি বঁটা ২০২৪ প্ৰদান কৰা হয়৷ নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত যশস্বী সংগীত শিল্পী জে পি দাসক সাংস্কৃতিক সেৱা আৰু চৰ্ম ৰোগ বিশেষজ্ঞ ডাঃ পংকজ অধিকাৰীক চিকিৎসা সেৱা বঁটা প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ আনহাতে, বিশিষ্ট সাংবাদিক গৌতম শৰ্মাক সাংবাদিকতাৰ বঁটা প্ৰদান কৰে অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই৷ উক্ত অনুষ্ঠানতেই স্মৰণিকা ’ফিনিক্স’ উন্মোচন কৰে ডিপিআৰচিৰ জুৰী কমিটীৰ সদস্য তথা বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী অসীম কুমাৰ কাজিয়ে।

ঋতুপৰ্ণ দাসে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত নলবাৰীৰ ভিন্ন ক্ষেত্ৰৰ ১২গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট চকু ৰোগ বিশেষজ্ঞ ডাঃ শুভ্ৰকিংকৰ গোস্বামী, ডাঃ মাধৱ ৰাজবংশী, বৰভাগ কলেজৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা, প্ৰবীণ অভিনেত্ৰী বৰদা মেনা, জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মা, লোকগীতৰ বিশিষ্ট শিল্পী হিৰন্ময়ী কলিতা, ভাস্কৰ্য শিল্পী যোগেন শীল, বিশিষ্ট শিক্ষাসেৱী বিভা বুজৰবৰুৱা, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰী বিষয়া বিভু দত্ত, ঢুলীয়া শিল্পী ভয়নুৰ আলী আৰু প্ৰবীণ খেলুৱৈ কৰুণা বৰ্মনক ডিপিআৰচিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ এই অনুষ্ঠানতে সম্বৰ্ধিত বিশিষ্ট ব্যক্তিকেইগৰাকীয়ে জীৱনৰ কঠিন প্ৰত্যাহ্বান অতিক্ৰমি মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দেখুওৱা দিগন্ত দাসক অভিনন্দন জ্ঞাপন কৰে। ডিপিআৰচিৰ অধ্যক্ষ দিগন্ত দাসৰ মাতৃ ডালিমী দাসে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোত নকুল দাস আৰু তৃষাৰাণী দাসে লোকগীত পৰিৱেশন কৰে৷ সেইদৰে মূকাভিনয় প্ৰদৰ্শন কৰে জ্যোতিশ্ৰী আৰ ইউ বৈশ্য আৰু কংকন তালুকদাৰে। অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ গীতে উপস্থিত শ্ৰোতা-দৰ্শকক আপ্লুত কৰে।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like