নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাবা পৰমাণু গৱেষণা কেন্দ্ৰলৈ মৰিয়নিৰ তনয়জ্যোতি গগৈ

বিশেষ বাৰ্তা, ২১ জুলাই : দেশৰ নিৰাপত্তাৰ অন্যতম কেন্দ্ৰবিন্দু পৰমাণু শক্তিখণ্ডত কাম কৰাৰ সুযোগ লাভ কৰি মৰিয়নিৰ এজন যুৱকে সমগ্ৰ মৰিয়নিৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মৰিয়নিৰ সমীপৰ পুখুৰীয়া অঞ্চলৰ তনয়জ্যোতি গগৈয়ে মহাৰাষ্ট্ৰত অৱস্থিত দেশৰ পৰমাণু গৱেষণা কেন্দ্ৰ ভাবা পৰমাণু গৱেষণা কেন্দ্ৰত নিযুক্তি লাভ কৰিছে। তনয়জ্যোতিয়ে কেন্দ্ৰটোৰ বৈতনিক প্ৰশিক্ষাৰ্থী (বৰ্গ- ১) (ৰসায়ন) পদত নিযুক্তি লাভ কৰিছে । উল্লেখযোগ্য যে এই পদৰ বাবে দেশৰ মুঠ ৩৬৭৯গৰাকীয়ে আবেদন কৰিছিল । ইয়াৰে ১৬৪গৰাকীয়েহে মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰে । ইয়াৰ ভিতৰত তনয়জ্যোতি অন্যতম । বিগত বৰ্ষৰ আগষ্ট মাহত ইয়াৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল । মৰিয়নিৰ পুখুৰীয়া গাঁ‌ৱৰ নিৱাসী প্ৰয়াত হৰেন গগৈ আৰু দীপ্তি গগৈৰ পুত্ৰ তনয়জ্যোতি সৰুৰে পৰাই পঢ়া-শুনাত মেধাৱী আছিল । দুগৰাকী জ্যেষ্ঠ ভগ্নীৰ লগতে এজন কনিষ্ঠ ভাতৃসহ চাৰিগৰাকী বায়েক-ভায়েকৰ মাজত তনয়জ্যোতি আছিল কিছু সুকীয়া । মৰিয়নিৰ ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান এডিথ ডগলাছ স্কুলৰ পৰা ২০১৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল । ইয়াৰ পিছতেই তেওঁ তিতাবৰৰ কনচেপ্ট ইংলিছ স্কুলৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ আছাম ইঞ্জিনীয়াৰিং ইনষ্টিটিউটৰ পৰা অভিযন্তা হিচাপে সুখ্যাতিৰে উত্তীৰ্ণ হয় । তাৰ পিছত কিছুদিন ‘অইল’ৰ গৱেষক হিচাপে কাম কৰে । লক্ষণীয় যে সৰুৰে পৰা বিজ্ঞানৰ গৱেষণাৰ প্ৰতি বিশেষ ধাউতি আছিল তনয়ৰ । ‘অইল’ত কাম কৰি থাকোঁতেও এনেবোৰ বিষয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল আৰু নিজাববীয়াকৈ প্ৰচেষ্টা চলাই গৈছিল । সেইসূত্ৰে ভাবা পৰমাণু গৱেষণা কেন্দ্ৰৰ পদত আবেদন কৰি অৱশেষত তাত নিযুক্তি লাভ কৰে । তেওঁৰ এই সাফল্যই মৰিয়নিলৈ গৌৰৱ কঢ়িয়াই আনিছে । মৰিয়নিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সংঘ আদিয়ে তনয়জ্যোতিৰ সাফল্যত তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like