নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰত জব্দ ৩১ কয়লাভর্তি ট্রাক

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ এইবাৰ কয়লা মাফিয়াৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীয়ে চলাইছে অভিযান । শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ নির্দেশত মঙলবাৰে নিশা তেজপুৰৰ তিনিটা পৃথক স্থানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে কয়লা সৰবৰাহ কৰা ৩১খন কয়লাভর্তি ট্রাক ৷ তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তর্গত বাটমাৰীত ৩৭(ক)নং ৰাষ্ট্রীয় ঘাই পথত তিনিখন, বেবেজীয়া আৰক্ষী চকীৰ অন্তর্গত বি পি তিনিআলিত ১৫নং ৰাষ্ট্রীয় ঘাই পথত আৰু ঠেলামৰা থানা এলেকাত একেটা ৰাষ্ট্রীয় ঘাই পথত দুখনসহ মুঠ ৩১খন কয়লাভর্তি ট্রাক আৰক্ষীৰ অভিযানকাৰী দলে জব্দ কৰে ৷

উল্লেখ্য যে ইয়াৰে এইচ আৰ–৬৩ চি–৮৪৫৩, এইচ আৰ–৪৬ ডি –৮০৫৯, আৰ জে–০২ জি বি–৩৬৬৪, আৰ জে–০২ জি বি–৪৮৯২, ইড পি–৬৩ টি–৯৪৭০ নম্বৰৰ পাঁচখন ট্রাক জব্দ কৰাৰ লগতে বাকী ট্রাককেইখনৰো নথিপত্র এই বাতৰি লিখা পৰলৈকে পৰীক্ষা কৰি থকা হৈছে । প্রকাশ যে নম্বৰ উল্লিখিত ট্রাককেইখনৰ লগত থকা তথ্য পাতিসমূহ সন্দেহযুক্ত ৷ কিয়নো পৰিবহণ আইন অনুসৰি মালবস্তু কঢ়িয়াই অনা ট্রাকৰ লগত ওজনৰ প্রমাণ– পত্র থকাটো বাধ্যতামূলক ৷ তদুপৰি মার্ঘেৰিটাৰ পৰা কঢ়িয়াই অনা এই পাঁচখন কয়লাভর্তি ট্রাকৰ লগত নাছিল ক’ল ইণ্ডিয়াৰ কোনো তথ্যপাতি ৷

যদিহে কোনো এজেণ্টে সৰবৰাহ কৰিছে, তেন্তে ক’ল ইণ্ডিয়াৰ পৰা তেনে এজেণ্টেৰ নামত প্রমাণ–পত্র থকাটো বাধ্যতামূলক ৷ এনে ক্ষেত্রত ওজনৰ প্রমাণ–পত্রবিহীন, ক’ল ইণ্ডিয়াৰ কোনো ধৰণৰ স্বীকৃতিপ্রাপ্ত প্রমাণ– পত্র নথকা হেতু এই পাঁচখন ট্রাক জব্দ কৰাৰ লগতে ট্রাকচালক ক্রমে ইড পিৰ মহৰুদ্দিন, জুলফিকৰ, ৰাজেন যাদৱ, সুখবীৰ সিং, ৰাজস্থানৰ মনজেদ খানক ভাৰতীয় দণ্ডবিধিৰ ৪২০/৩৭৯/৩৪ ধাৰাৰ অধীনত অভিযানকাৰী দলে গ্রেপ্তাৰ কৰে ৷ আনহাতে, বাকী ২৬খন ট্রাকৰো নথিপত্র পৰীক্ষা আৰু তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ লগতে কৰ বিভাগে ৷

You might also like