নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱৰ ৰক্ষাকৱচ কোটিটকীয়া শৈলবান্ধ জাহ যোৱাৰ উপক্ৰম

🔹 শংকিত ভূৰাগাঁওবাসী

নিয়মীয়া বাৰ্তা,  ২২ জুলাই : মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ ৰক্ষাকৱচ কোটিটকীয়া শৈলবান্ধ জাহ যোৱাৰ উপক্ৰম হৈছে। ইতিমধ্যে লুইতত শৈলবান্ধৰ আধা অংশ জাহ গৈছে। উল্লেখ্য যে ২০০৫ চনত বৃহত্তৰ ভূৰাগাঁও অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ উদ্দেশ্যে শৈলবান্ধটো নিৰ্মাণ কৰিছিল। তেতিয়াৰ পৰা ভূৰাগাঁও অঞ্চলৰ বাবে এই শৈলবান্ধটো এক ৰক্ষাকৱচ হিচাপে কাম কৰি  আছিল।কিন্তু চলিত বৰ্ষত এপষেক পূৰ্বৰে পৰা লুইতৰ প্ৰবল সোঁতত জাহ যাব ধৰিছে শৈলবান্ধটো। ইতিমধ্যে শৈলবান্ধৰ আধা অংশ লুইতৰ বুকুত জাহ গৈছে।  শৈলবান্ধটো জাহ যোৱাৰ উপক্ৰম হোৱাত অধিক শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। অৱশ্যে মৰিগাঁও জিলা জলসম্পদ বিভাগে শৈলবান্ধটো ৰক্ষাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও শৈলবান্ধটো ৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্হানীয় ৰাইজে। এই শৈলবান্ধটো জাহ গ’লে বৃহত্তৰ ভূৰাগাঁও অঞ্চললৈ গভীৰ সংকট নামিব আহিব।

প্ৰেৰক আবুল কালাম

You might also like