নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিত বহিঃৰাজ্যৰ দুই প্ৰৱঞ্চক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ জুলাই : ৰাজ্যত ভিন্ন প্ৰান্তত প্ৰৱঞ্চকে বিভিন্ন ঘটনা সংঘটিত কৰি থকাৰ মাজতে বাইহাটা চাৰিআলিত বহিঃৰাজ্যৰ দুই প্ৰৱঞ্চকক স্থানীয় আৰক্ষীয়ে আটক কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, ২১ জুলাইৰ নিশা বাইহাটা চাৰিআলিত দুই যুৱকে সন্দেহজনকভাৱে ঘূৰি থকা নিশা টহলদাৰী আৰক্ষীৰ প্ৰত্যক্ষ হোৱাত দুই যুৱকক সোধা-পোছা কৰিব লওঁতে যুৱকদ্বয়ে দৌৰি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে পিছে পিছে খেদি তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়। পিছত আৰক্ষীৰ তদন্তত ধৃত যুৱকদ্বয় প্ৰৱঞ্চক বুলি নিশ্চিত হয় আৰু প্ৰৱঞ্চক যুৱকদ্বয় বিহাৰৰ বৈশালীৰ অভিমন্যু কুমাৰ (২৫) আৰু উত্তৰপ্ৰদেশ গাজীপুৰৰ ভীমপাৰাৰ অৰবিন্দ যাদৱ বুলি পৰিচয় লাভ কৰাৰ লগতে দুয়োগৰাকী যুৱকে স্থানীয় ল’জ এখনত বাহৰ পাতি থকা কোঠাৰ পৰা ৬৪,৭২০ টকা, সোণালী লকেট, এ এছ-৩৪-৩৭৯৯ আৰু এ এছ এম-৬৩৫৯ নম্বৰৰ দুখন বাইক, মোবাইল হেণ্ডছেট, আপত্তিজনক নথি-পত্ৰ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, কালি আৰক্ষীয়ে ধৃত দুই যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে বিয়লি ৰঙিয়া আদালতত হাজিৰ কৰাত আদালতে তেওঁলোকক জে’ললৈ প্ৰেৰণ কৰে।

প্ৰেৰক লক্ষী ডেকা

You might also like