🔹 ডাঠ পানীমেটেকাৰে ভৰি পৰিছে খেতিপথাৰ
নিয়মীয়া বাৰ্তা, ২৩ জুলাই : বাঢ়নী পানী কমিল যদিও দুৰ্যোগৰহে যেন অন্ত নপৰিল ছিপাঝাৰৰ সৰাবাৰীবাসীৰ। বাঢ়নী পানীয়ে উটুৱাই অনা ডাঠ পানীমেটেকাই আৱৰি ধৰিছে নিজ সৰাবাৰীৰ ঐতিহাসিক সোণতলী পথাৰ। সোণগুটি সিঁচাৰ সময়তে সোণতলী পথাৰত এতিয়া যিফালেই চাব সেইফালেই কেৱল পানীমেটেকা। যাৰ বাবে এতিয়া কৃষকসকল সন্মুখীন হৈছে ভীষণ সমস্যাৰ। আনকি পানীমেটেকাৰ বাবেই কৃষকে পথাৰত তেওঁলোকৰ জীৱন-জীৱিকাৰ সম্বল হালখনো যুৰিব পৰা নাই। প্ৰণিধানযোগ্য যে বিশ বছৰ পূৰ্বলৈ সোণতলী পথাৰখনেই আছিল নিজ সৰাবাৰী অঞ্চলৰ বহু পৰিয়ালৰ ভৰসাৰ স্থলী। প্ৰধানতঃ এই পথাৰখনত সম্পাদন কৰা শালিধানৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই অঞ্চলটোৰ সৰহসংখ্যক পৰিয়ালে মেলি দিছিল জীৱন ডিঙা। সোণতলী পথাৰত উৎপাদিত লখিমীৰে নিজ সৰাবাৰী অঞ্চলৰ বহু পৰিয়ালৰে ভৰি পৰিছিল আগচোতালৰ ভঁৰালটো। কিন্তু অঞ্চলটোৰ কৃষকসকলৰ বুকুৰ আপোন সেই সোণতলী পথাৰখন ক্ৰমাৎ এখন বেদনাসিক্ত ছনতলীলৈ পৰ্যবসিত হ’বলৈ ধৰিছে। লক্ষণীয় যে আগবাৰিষাৰ নেৰানেপেৰা বৰষুণ আৰু ওখ অঞ্চলসমূহৰ পৰা বৈ অহা বাঢ়নী পানীয়ে বুৰাই পেলোৱা পথাৰখনৰ অতিৰিক্ত পানীভাগ ওলাই যোৱাৰ কোনো সুবিধা নাই। যাৰ বাবে এজোপা-দুজোপাকৈ বাঢ়ি বাঢ়ি এতিয়া চৌদিশে আৱৰি ধৰিছে পানীমেটেকাই। কিন্তু পানীমেটেকাখিনি উলিয়াই দিব পৰা কোনো ব্যৱস্থা নোহোৱাৰ বাবে সোণতলী পথাৰ পৰিণত হৈ পৰিছে ছনতলীত। স্থায়ী ব্যৱস্থা নথকাৰ বাবেই বাঢ়নী পানী অহা প্ৰতিটো বাৰিষাত খেতি কৰিব নোৱাৰা অৱস্থা হৈছে কৃষকৰ। বিগত প্ৰায় কুৰি বছৰ ধৰি পথাৰখনত শালিধানৰ খেতি লগোৱাৰ পৰা অঞ্চলটোৰ কৃষকসকল বঞ্চিত হৈ আহিছে যদিও কৃষকৰ এই সমস্যাটো সমাধানৰ বাবে কোনো এটা পক্ষ আগবাঢ়ি অহা নাই। কৃষি, জলসম্পদ আৰু জলসিঞ্চন- এই তিনিওটা বিভাগেই জড়িত যদিও কোনো এটা বিভাগেই বিষয়টোৰ ক্ষেত্ৰত দৃষ্টি দিয়া নাই বুলি ৰাইজৰ অভিযোগ। এইক্ষেত্ৰত অঞ্চলটোৰ কৃষকসকলে পথাৰখনৰ অতিৰিক্ত পানী ওলাই যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসন আৰু কৃষি বিভাগৰ ওচৰত পুনৰ অনুৰোধ জনাইছে।
প্ৰেৰক ৰঞ্জিত নাথ