কুখ্যাত অপৰাধী, হত্যাকাৰীৰ মস্তিষ্কৰ গঠন আন মানুহতকৈ সৰু হয়৷ শৈশৱত মস্তিষ্কৰ স্কেন কৰিলেই মস্তিষ্কৰ গঠন আৰু কিছু অংশৰ ৰঙৰ পার্থক্য অধ্যয়ন কৰিলে দেখা পোৱা যায় সেই শিশু ভৱিষ্যতে অপৰাধী হ’ব নে সাধাৰণ ভাল মানুহ হ’ব৷ লণ্ডনৰ বিজ্ঞানীয়ে এই সন্দর্ভত দাবী কৰি কয় যে ৪৫ বছৰ বয়সীয়া প্রায় ৭ হাজাৰ মানুহৰ মস্তিষ্কৰ গঠন পৰীক্ষা কৰি তেওঁলোক এই সিদ্ধান্তত উপনীত হৈছে৷
গৱেষক–বিজ্ঞানীসক মতে, মস্তিষ্কৰ গঠন সৰু হ’লে সমাজবিৰোধী আচৰণ, হত্যা, চুৰি, হিংসা আদি ঘটনাত মানুহ অধিক জড়িত হয়৷ এনে বৈশিষ্ট্যযুক্ত মানুহৰ বহুতৰেই শিক্ষক আৰু বিদ্যালয় কর্তৃপক্ষৰ সৈতে কথা পাতি জানিব পৰা গৈছে যে ভৱিষ্যতে অপৰাধী হোৱা ব্যক্তিৰ সৰু কালতেই হিংসামূলক আচৰণ কৰাৰ উদাহৰণ আছিল৷ কিছুমান ব্যক্তি সৰুতে নার্ছাৰী ক্লাছত থাকোঁতেই মাৰপিট, শাৰীৰিক নিগ্রহৰ দৰে ঘটনাত জড়িত আছিল৷
বিশেষজ্ঞসকলৰ মতে, কৈশোৰ কালত যি অবাধ্য হয় বা বিশৃংখল হয়, তেনে লোকৰ কিন্তু ভৱিষ্যতে অপৰাধী হোৱাৰ সম্ভাৱনা বহু কম৷ গৱেষকসকলে দাবী কৰে যে ব্রেইনৰ কার্টিজল ছার্ফেছ এৰিয়া আৰু কার্টিজল কিমান বহল, সেয়া এম আৰ আই স্কেনৰ জৰিয়তে জানিব পৰা যায়৷ সমীক্ষা কৰা ব্যক্তিসকলৰ মাজত যিসকলৰ ব্রেইনৰ কার্টিজল ছার্ফেছ এৰিয়া আৰু কার্টিজল কম, তেনে লোকৰ অপৰাধৰ অভিলেখ আছে৷ তেওঁলোকৰ ব্যৱহাৰ–পাতিও আন লোকতকৈ উগ্র৷ এনে লোকৰ ব্রেইনৰ কর্টেক্সো অনেক পাতল, যি মানুহৰ আৱেগ, মটিভেচনক নিয়ন্ত্রণ কৰে৷ আচৰণগত পৰিৱর্তনৰ বাবেই হয় এনে গঠনগত পৰিৱর্তন৷ লণ্ডনৰ এই গৱেষকসকলৰ মতে শিশু অৱস্থাতেই মানুহৰ এম আৰ আই স্কেন কৰি গম পোৱা যায় যে তেনে ব্যক্তি ভৱিষ্যতে কুখ্যাত গুণ্ডা বা দুষৃকতিকাৰী হৈ উঠিব নেকি, সেই অনুযায়ী এনে শিশুক সঠিক শিক্ষা দি অপৰাধপ্রৱণতা কমাব পাৰি৷ ব্রেইনৰ আকাৰ চাই সতর্ক হ’লে সমাজত অপৰাধীৰ সংখ্যা হ্রাস কৰিব পাৰি৷