নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাল্যবিবাহবিৰোধী কিশোৰীক সম্বর্ধনা জনাব উত্তৰপ্রদেশ চৰকাৰে

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ বাল্যবিবাহৰ ক্ষেত্রত সর্বাধিক নীতিৰ বিৰুদ্ধে ঘটনা সংঘটিত দেশখনতে নিজৰ পৰিয়ালত বাল্যবিবাহৰ বিৰুদ্ধে থিয় দি সাহসিকতাৰ পৰিচয় দিয়া কিশোৰীক সম্বর্ধনা জনাব উত্তৰপ্রদেশ চৰকাৰে৷ খাৰখৈদা অঞ্চলৰ কস্তুৰৱা গান্ধী আৱাসী বিদ্যালয়ৰ ১৩ বছৰীয়া ভনিষ্কা গৌতমক আন্তর্জাতিক নাৰী দিৱসৰ পূর্বে কাইলৈ সম্বর্ধনা জনাব মুখ্যমন্ত্রী যোগী আদিত্য নাথে৷ বাল্যবিবাহ বিৰোধেৰে নিজৰ পৰিয়ালত সজাগতা সৃষ্টি কৰা গৌতমৰ লগতে আন ২০গৰাকী কিশোৰীকো সম্বর্ধনা জনাব মুখ্যমন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে এবছৰ পূর্বে গৌতমে তেওঁলোকৰ পৰিয়ালৰে ১৬ বছৰীয়া ভাগিন এজনীক জোৰদস্তি বিবাহ দিবলৈ যো–জা কৰিছিল৷ সেই সময়ত গৌতমে কেৱল ভাগিনীজনীকে নহয়, সমগ্র পৰিয়ালটোকে ১৮ বছৰৰ পূর্বে বিবাহপাশত আবদ্ধ কৰাটো উচিত নহয় বুলি বুজনি দিবলৈ সক্ষম হৈছে৷ তাৰ পৰাই গৌতমৰ বাল্যবিবাহবিৰোধী অভিযান আৰম্ভ হৈছিল আৰু এই অভিযান অব্যাহত ৰাখিছে৷ মীনা মঞ্চ নামৰ এটি সামাজিক সংগঠনৰ সদস্য গৌতমে বাল্যবিবাহৰ লগতে বিভিন্ন পৰম্পৰাগত অন্ধবিশ্বাস, কুপ্রথাৰ বিৰুদ্ধে যুঁজি আহিছে৷

You might also like