নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রত আণৱিক ৰিয়েক্টৰ নির্মাণ কৰিব নাছাই

নিউজ ডেস্ক, ১২ আগষ্ট : মার্কিন মহাকাশ গৱেষণা প্রতিষ্ঠান নাছাই ২০৩০ চনৰ ভিতৰত চন্দ্রপৃষ্ঠত এটা পাৰমাণৱিক ৰিয়েক্টৰ নির্মাণৰ পৰিকল্পনা কৰিছে৷ চন্দ্রপৃষ্ঠত মানুহৰ স্থায়ী বসতি স্থাপনৰ ক্ষেত্রত দেশখনৰ উচ্চাকাংক্ষাৰ অংশ হিচাপে এই ৰিয়েক্টৰ স্থাপনৰ পৰিকল্পনা কৰা বুলি সদৰী কৰিছে৷ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে নাছাৰ অস্থায়ী মুৰব্বী হিচাপে নিযুক্তি দিয়া আমেৰিকাৰ পৰিবহণ সচিব শ্বেন ডাফিয়ে মহাকাশ সংস্থাটোলৈ প্রেৰণ কৰা পত্রত ক্ষিপ্রতাৰে চন্দ্রপৃষ্ঠত ৰিয়েক্টৰ নির্মাণৰ পৰিকল্পনা চলি থকা বুলি উল্লেখ কৰিছে৷ ডাফিয়ে দিয়া নির্দেশনাত চন্দ্রত অতিকমেও ১০০ কিলোৱাট শক্তি উৎপাদন কৰিব পৰা ৰিয়েক্টৰ নির্মাণৰ বাবে বাণিজ্যিক কোম্পানীৰ পৰা প্রস্তাৱ আহ্বান কৰিছে৷

You might also like