নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাঞ্জাসহ এজনক আটক কয়াকুছি আৰক্ষীৰ

নিয়মীয়া বাৰ্তা,  ২৮ জুলাই : বৰপেটা জিলাৰ অন্তৰ্গত ভৱানীপুৰ-বৰপেটা পথৰ দাঁতিত আজি কয়াকুছি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বহু দিন ধৰি দাইৰাবাৰী নিবাসী তুষ্ট সৰকাৰৰ পুত্ৰ নাথুৰাম সৰকাৰ নামৰ লোকজনে নিষিদ্ধ গাঞ্জাৰ এক ৰমৰমীয়া বেহা চলাই আছিল। আজি প্ৰাপ্ত খবৰৰ ভিত্তিত কয়াকুছি আৰক্ষী চকীৰ এটি দলে এক অভিযান চলায়। উক্ত অভিযানত তুষ্ট সৰকাৰৰ পুত্ৰ নাথুৰাম সৰকাৰে কয়াকুছি অভিমুখী ই-ৰিক্সাৰে গাঞ্জাখিনি কঢ়িয়াই লৈ আহি থকা অৱস্থাত আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায়। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি বহুদিন ধৰি উক্ত লোকজনে নিজ বাসগৃহত অবৈধভাৱে নিষিদ্ধ গাঞ্জাৰ বেহা চলাই আহিছিল। সম্প্ৰতি স্থানীয় নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে উক্ত ধৃত গাঞ্জা সৰবৰাহকাৰীজনে। সেয়ে গাঞ্জা ব্যৱসায়ীজনক উপযুক্ত আইনৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে।

প্ৰেৰক আফতাব হুছেইন

You might also like