নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত এনকাউণ্টাৰত কিশোৰী হত্যাত অভিযুক্ত ৰাহুল হুছেইন আহত

নিয়মীয়া বাৰ্তা, ২৯ জুলাই : কামৰূপ জিলাৰ হাজোৰ ভৈলাবড়ীৰত পুৱতিনিশা এক এনকাউন্টাৰ সংঘটিত হয়। কিশোৰী হত্যাকাণ্ডৰ অভিযুক্ত ৰাহুল হুছেইনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে কৰে এনকাউন্টাৰ। আৰক্ষীৰ এনকাউন্টাৰত কিশোৰী হত্যাকাণ্ডৰ অভিযুক্ত ৰাহুল হুছেইনৰ বাঁওভৰিত গুলি লাগি আহত হয়। উল্লেখ্য যে ২৫ জুলাইত বাগটা-ভৈলাবড়ী সংযোগী পথৰ সমীপবৰ্তী দিতিন বিলৰ পানীৰ যুৱলিত উদ্ধাৰ হৈছিল হাজো থানাৰ অন্তৰ্গত ভৈল্লাবড়ীৰ মুকুন্দ দাসৰ কন্যা তথা জাপিয়া মিলন হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী নিতামণি দাসৰ মৃতদেহ। ইয়াৰ পিছতে মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হাজো থানাৰ অন্তৰ্গত বৰম্বৈ-মোখনীয়াৰ ৰাহুল হুছেইনক আৰক্ষীয়ে হত্যাৰ সন্দেহত আটক কৰিছিল। জানিব পৰা মতে, আজি পুৱতিনিশা হাজো আৰক্ষীয়ে অভিযুক্ত ৰাহুল হুছেইনক লগত লৈ ভৈল্লাবড়ীৰ ঘটনাস্থলীত এক অভিযান চলাইছিল আৰু অভিযান চলাই থকা সময়তে ৰাহুল হুছেইনে আৰক্ষীক আক্ৰমণ কৰি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ানৰ চেষ্টা কৰে। ততালিকে হাজো আৰক্ষীয়ে গুলীচালনা কৰাত ৰাহুল হুছেইনৰ বাঁওভৰিত গুলী লাগে।বৰ্তমান ৰাহুল হুছেইন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ইফালে নিশাৰ এই ঘটনাত হাজো আৰক্ষীৰ এজন কনিষ্টবলো আঘাতপ্ৰাপ্ত হয় বুলিও জানিব পৰা গৈছে।
প্ৰেৰক শ্বাহজাহান ইছলাম
You might also like