এডিঅ’ নিযুক্তিত কেলেংকাৰি : দুৰ্নীতিৰ সদাগৰলৈ ৩১ বছৰৰ কাৰাদণ্ড
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জুলাইঃ অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত বিয়োগোম কৃষি উন্নয়ন বিষয়া (এডিঅ’) নিযুক্তি কেলেংকাৰিত দোষী সাব্যস্ত হোৱা ৰাকেশ পাল, ছামেদুৰ ৰহমান, বসন্ত দলে আৰু ২৯ বিষয়াৰ শাস্তিৰ ম্যাদ ঘোষণা কৰে ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে৷ ভাৰতীয় দণ্ডবিধি আৰু দুর্নীতি প্রতিৰোধ আইনৰ ধাৰাৰ অধীনত দোষী সাব্যস্ত হোৱা কেলেংকাৰিটোৰ মূল দোষী ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে৷ উল্লেখ্য যে দুর্নীতিৰ সদাগৰ ৰাকেশ কুমাৰ পালক দুর্নীতি প্রতিৰোধ আইনৰ ৭ আৰু ভাৰতীয় দণ্ডবিধিৰ ১২০–বি ধাৰাৰ অধীনত ৭ বছৰৰ সশ্রম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হয়৷ আনহাতে দুর্নীতি প্রতিৰোধ আইনৰ ১৩ (২) ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১২০–বি ধাৰাৰ অধীনত পালক ১০ বছৰৰ সশ্রম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে৷ সেইদৰে ভাৰতীয় দণ্ডবিধিৰ ৪২০ আৰু ১২০–বি ধাৰাৰ অধীনত আন ৭ বছৰ আৰু ৫০ হাজাৰ টকাৰ জৰিমনাও তেওঁক বিহা হয়৷ ভাৰতীয় দণ্ডবিধিৰ ৪৬৮ আৰু ১২০–বি ধাৰাৰ অধীনত তেওঁক পুনৰ ৭ বছৰ কাৰাবাসৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হয়৷ এই হিচাপত তেওঁৰ কাৰাবাসৰ মুঠ সময় ৩১ বছৰ হ’ব লাগে যদিও ফৌজদাৰী বিধি ৩১ (২) (এ) ধাৰা মতে এনেধৰণে শাস্তি লাভ কৰা কোনো লোকৰ কাৰাবাসৰ সময় ১৪ বছৰৰ অধিক হ’ব নোৱাৰে৷ সেয়েহে আদালতে ৰাকেশ কুমাৰ পালক ১৪ বছৰৰ বাবে কাৰাবাসৰ নির্দেশ দিয়ে৷ অৱশ্যে এই গোচৰটোত ইতিপূর্বে ৰাকেশ পালে ৫ বছৰ ৭ মাহ কাৰাবাস খাটিছে৷ সেয়েহে এই সময়ছোৱা মুঠ শাস্তিৰ পৰা বিয়োগ কৰা হ’ব৷ ইফালে, এই কেলেংকাৰিত ৰাকেশ পালৰ অন্যতম সহযোগী হিচাপে কাম কৰা আয়োগৰ দুই সদস্য ছামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেকো ১০ বছৰৰ সশ্রম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হয়৷ আনহাতে, গোচৰটোত দোষী সাব্যস্ত হোৱা ২৯জন কৃষি উন্নয়ন বিষয়াক ভাৰতীয় দণ্ডবিধিৰ ৪২০ আৰু ৪৬৮ ধাৰাৰ লগতে ১২০–বি ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি চাৰি বছৰৰ সশ্রম কাৰাদণ্ড আৰু ১০ হাজাৰ টকাকৈ জৰিমনা বিহে আদালতে৷ এই শাস্তি লাভ কৰা বিষয়াকেইজন হৈছে– ফণীন্দ্র শইকীয়া, প্রণৱ ভৰালী, জ্যোতিৰেখা দাস, কবীন কিলিংপি, প্রীতি দাস, আলোক কুমাৰ মালী, বিশ্বজিৎ দলে, কেশৱানন্দ বৰা, বর্ণালী মেধি, বিপুল কুমাৰ ডেকা, ছুইটী বৰা হাজৰিকা, সত্যনাথ ডেকা, কমল কৃষ্ণ দাস, ঋতুৰাজ সোণোৱাল, অঞ্জন লয়িং, প্রিয়ংকা বৰা, ৰুখেশ্বৰ তিমুং, সংঘমিত্রা শ্যাম, বিদ্যুৎ কুমাৰ দাস, কল্পনা দেউৰী, জয়ন্তজিৎ দাস, দীপাংকৰ বাৰিক, ৰোছন ৰফি, প্রাঞ্জল বর্মন, ছাহিল আজি হক, কল্যাণ শর্মা, মাফিদা বেগম শইকীয়া, জয়ন্ত চাবুকধৰা আৰু মৃগেন হালৈ৷ আজি আদালতৰ পৰাই তেওঁলোকক গুৱাহাটীস্থিত কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰা হয়৷ যোৱা ২২ জুলাইত গোচৰটোৰ বিচাৰ প্রক্রিয়াৰ অন্তত চূড়ান্ত ৰায়দান কৰা হৈছিল৷ ইয়াৰ পাছতে দোষী সাব্যস্ত হোৱাসকলে নিজৰ নিজৰ অধিবক্তাৰ জৰিয়তে শাস্তি হ্রাস কৰিবলৈ আদালতত আর্জি দিয়ে৷ পত্নী–কন্যাৰ লগতে নিজৰ অসুখৰ বাবে ৰাকেশ পালে শাস্তি হ্রাস কৰিবলৈ আদালতত আবেদন দাখিল কৰিছিল৷ এই আবেদনসমূহৰ শুনানিৰ অন্তত আদালতে আজি তেওঁলোকৰ শাস্তিৰ পৰিমাণ ঘোষণা কৰে৷ উল্লেখ্য যে মুঠ ৮০টা এডি’ পদৰ বাবে ২০১৪ বর্ষত অসম লোকসেৱা আয়োগে লিখিত পৰীক্ষা অনুষ্ঠিত কৰে৷ ২০১৫ বর্ষত এই পৰীক্ষাত উত্তীর্ণ হোৱাসকলৰ সাক্ষাৎকাৰ অনুষ্ঠিত হয়৷ সাক্ষাৎকাৰত উত্তীর্ণ হোৱা প্রার্থীসকলক এডি’ হিচাপে ৰাজ্য চৰকাৰে নিযুক্তি প্রদান কৰে৷ কিন্তু ২০১৭ বর্ষত বেদান্ত বিকাশ দাস নামৰ এজন প্রার্থীয়ে গুৱাহাটীৰ ভঙাগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ এই এজাহাৰত তেওঁ উল্লেখ কৰে যে তদানীন্তন অধ্যক্ষ ৰাকেশ কুমাৰ পাল আৰু তেওঁৰ সহযোগী মুছাৰফ হুছেইনে ১৫ লাখ টকা উৎকোচ বিচৰাৰ বাবে এডিঅ’ হিচাপে বাছনি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ সেয়েহে বেদান্ত বিকাশ দাসে সন্দেহ প্রকাশ কৰে যে ৰাকেশ কুমাৰ পাল আৰু মুছাৰফ হুছেইনে আন প্রার্থীসকলক ১৫ লাখ টকাৰ বিনিময়ত এডি’ পদত নিযুক্তিৰ বাবে বাছনি কৰিছিল৷ এজাহাৰত এই কথাও উল্লেখ কৰা হৈছিল যে ভঙাগড়ৰ সৎসংগ বিহাৰত বেদান্ত বিকাশ দাসে ৰাকেশ কুমাৰ পালক ৫০ হাজাৰ টকাৰ অগ্রিম প্রদান কৰিছিল৷ ধনৰ বিনিময়ত বাছনি তালিকা প্রস্তুত কৰা হ’ব বুলি জানিব পাৰি তেওঁ এই ধন দিয়া বুলিও এজাহাৰত উল্লেখ কৰে৷ অৱশ্যে পৰৱর্তী সময়ত সমগ্র ফলাফলক লৈ সন্দেহৰ সৃষ্টি হোৱাত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এখন আবেদন দাখিল কৰে৷ বিশেষকৈ এডি’ নিযুক্তিৰ বাবে অনুষ্ঠিত সাক্ষাৎকাৰৰ তথ্য বিচাৰি দাখিল কৰা আবেদনখনত উল্লেখ কৰে যে সংৰক্ষিত শ্রেণীৰ পাঁচজন প্রার্থীৰ ভিতৰত মৃগেন হালৈয়ে ৭৮ নম্বৰ লাভ কৰিছে৷ লক্ষণীয়ভাৱে আন এখন আবেদনত একেজন প্রার্থীয়ে ৮০ নম্বৰ লাভ কৰা বুলি আয়োগে উল্লেখ কৰে৷ যাৰ পৰিপ্রেক্ষিতত নিযুক্তি প্রক্রিয়াটোত অনিয়ম হোৱা বুলি অভিযোগ কৰি তেওঁ ভঙাগড় থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধি আৰু দুর্নীতি প্রতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত ১৫০/২০১৭ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷ গোচৰটোৰ তদন্তৰ ভাৰ পৰে তদানীন্তন এচিপি সুজিত কুমাৰ শইকীয়াৰ হাতত৷ পৰৱর্তী সময়ত বর্তমান বিশ্বনাথৰ আৰক্ষী অধীক্ষক শুভাশিস বৰুৱাক গোচৰটোৰ তদন্তৰ ভাৰ অর্পণ কৰা হয়৷ তদন্তকাৰী আৰক্ষীয়ে বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমান, কুনাল দাস, বিকাশ কুমাৰ পিঞ্চা, কৌশিক কলিতা, মৃগেন হালৈ আৰু তদানীন্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালক গ্রেপ্তাৰ কৰে৷ বিনীতা ৰিঞ্জা নামৰ তদানীন্তন সদস্যগৰাকীকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰে যদিও ৰাজসাক্ষী হ’বলৈ তেওঁ সন্মতি প্রকাশ কৰাত জামিনত মুকলি কৰি দিয়া হয়৷ অৱশ্যে তদন্তৰ সময়ত অভিযুক্ত এডি’সকলক গ্রেপ্তাৰ কৰা হোৱা নাছিল৷ চার্জশ্বীট দাখিল কৰাৰ পাছত তেওঁলোকক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্রদান কৰে৷ গোচৰটোত তদন্তকাৰী ভঙাগড় আৰক্ষীয়ে ২০১৭ বর্ষৰ ৯ অক্টোবৰত প্রথমখন চার্জশ্বীট দাখিল কৰে৷ পৰৱর্তী সময়ত তদন্তকাৰী বিষয়াই পাঁচখন পৰিপূৰক চার্জশ্বীট এই গোচৰটোত দাখিল কৰে৷ ইয়াৰ ভিত্তিতে অভিযুক্তসকলৰ বিৰুদ্ধে চার্জফ্রেম কৰি আদালতে বিচাৰ প্রক্রিয়া আৰম্ভ কৰে৷ এই বিচাৰ প্রক্রিয়াৰ অন্তত ২২ জুলাইত গোচৰটোৰ চূড়ান্ত ৰায়দান কৰে৷ ইয়াৰ ভিত্তিত আজি তেওঁলোকৰ শাস্তিৰ পৰিমাণ ঘোষণা কৰা হয়৷