নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান

“ভাৰত হৈছে অপৰিসীম বৈচিত্ৰ্যৰ সৈতে এখন মিনি বিশ্ব। আফ্ৰিকা, লেটিন আমেৰিকা আৰু আন বহু দেশৰ, দেশসমূহ আমাৰ উন্নয়নৰ অংশীদাৰ। এজন ছাত্ৰই গোটেই জীৱন অধ্যয়ন আৰু বৃদ্ধি অব্যাহত ৰাখিব লাগিব। বৈচিত্ৰ্যক সন্মান কৰিব লাগিব, আমাক গৌৰৱান্বিত কৰিব লাগিব, আৰু মনত ৰাখিব যে বিশ্ববিদ্যালয়সমূহে নিজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অবিৰত সমৰ্থনত লাভৱান হয়।” তেজপুৰ বিশ্ববিদ্যালয়ৰ কাউন্সিল হলত অনুষ্ঠিত বিশেষ স্নাতক ডিগ্ৰী প্ৰদান কৰি শিক্ষাৰ্থী সকলক উদ্দেশ্যি এনেদৰে কয় -প্ৰ’ উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে।

উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ বাবে বিশেষ ডিগ্ৰী প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে। বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা বটছৱানা, কেনিয়া, বাংলাদেশ, জাম্বিয়া, নাইজেৰিয়া, চুডান আৰু নেপালৰ মুঠ ১০গৰাকী আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছিলে।

ইতিমধ্যে চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত শিক্ষাৰ্থী সকল নিজ নিজ দেশলৈ উভতি যোৱাৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ প্ৰ’ উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে স্নাতক ডিগ্ৰী প্ৰদান কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ বিশেষ গীত পৰিবেশন কৰাৰ লগতে জাতীয় সংগীত পৰিবেশন কৰে। ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড° চন্দন গোস্বামীয়ে আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ-পূব আঞ্চলিক কাৰ্যালয়ৰ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ (আই চি চি আৰ) খণ্ড সঞ্চালক এন মুনিষ সিঙে।

স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি প্ৰ’ উপাচাৰ্য অধ্যাপক দাসে লগতে-তেওঁলোকৰ শৈক্ষিক কৃতিত্বৰ বাবে অভিনন্দন জনোৱাৰ লগতে গোটেই জীৱন শিক্ষণ অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে। তেওঁ বিশ্ব সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে ভাৰত আৰু বহু অংশীদাৰ ৰাষ্ট্ৰৰ উমৈহতীয়া আকাংক্ষা আৰু প্ৰত্যাহ্বান আছে।

অনুষ্ঠানত মূখ্য অতিথিৰ ভাষণ দি এন মুনিষ সিঙে কয় যে আইচিচিআৰে সাংস্কৃতিক আৰু শৈক্ষিক পদক্ষেপৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ বিষয়ে অধিক সচেতনতা সক্ৰিয়ভাৱে প্ৰসাৰিত কৰি আহিছে। তেওঁ স্নাতক ছাত্ৰ-ছাত্ৰীসকলক ভাৰত আৰু নিজৰ গৃহ দেশ উভয়ৰে ৰাষ্ট্ৰদূত হিচাপে কাম কৰিবলৈ আহ্বান জনায়, জনসাধাৰণৰ মাজত অধিক শক্তিশালী সম্পৰ্ক আৰু পাৰস্পৰিক বুজাবুজিৰ পোষকতা কৰে।

সমাৱৰ্তনত পৰীক্ষা নিয়ন্ত্ৰক ড০ বীৰেন দাস; একাডেমিক পৰিক্ৰমা ডীন অধ্যাপক অসীম জ্যোতি ঠাকুৰ, পঞ্জীয়ক (ভাৰপ্ৰাপ্ত) ড° চন্দন গোস্বামী, আৰু আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা সঞ্চালকালয়ৰ সঞ্চালক অধ্যাপক সুভ্ৰাংশু শেখৰ সৰকাৰ উপস্থিত থাকে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিদ্যালয়ৰ শৈক্ষিক বিভাগৰ মুৰব্বী আৰু ডীনসকলো উপস্থিত থাকে।

বিশেষ বাৰ্তা, তেজপুৰ, ২৪ জুলাই

You might also like