শিৱসাগৰত নাট সমাৰোহৰ সামৰণি : ডাঃ সৰ্বেশ্বৰ ভূঞাক সৌৰভপ্ৰাণ শিৱসাগৰ বঁটা
🎯 শ্ৰেষ্ঠ অভিনেতা লখিমপুৰৰ অভিলাষ কাশ্যপ
🔴 শ্ৰেষ্ঠ অভিনেত্ৰী ধেমাজিৰ মল্লিকা কুটুম
নিয়মীয়া বাৰ্তা, ৩০ জুলাই : দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অন্ত পৰিল ত্রয়োদশ বাৰ্ষিক সদৌ অসম শিশু নাট সমাৰোহৰ। শিৱসাগৰ নাট্য বিদ্যালয়ৰ দ্বাৰা আয়োজিত অসম ভিতৰতে বৃহৎ এই নাট সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৪১টাকৈ নাট্য দলে অংশগ্ৰহণ কৰে। সমাৰোহত অংশগ্ৰহণ কৰা বিশ্বনাথ চাৰিআলিৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰৰ “ধেৎ,কি খেল খেল” আৰু লখিমপুৰৰ পুৱেৰুণ মাইনা পাৰিজাতৰ “চক্ৰবেশ” নাটকে যুটীয়াকৈ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে।উল্লেখযোগ্য যে, প্ৰতি বছৰে শিশু নাট সমাৰোহত “সৌৰভপ্ৰাণ শিৱসাগৰ” শীৰ্ষক এটি বঁটা প্ৰদান কৰা হয়। এইবাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞাক উক্ত সন্মান জনোৱা হয়। এই সন্মান লাভ কৰি বিশিষ্ট চিকিৎসকগৰাকীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। আনহাতে জীৱনৰ অধিকাংশ সময় ৰোগীক চিকিৎসা প্ৰদানতে ব্যয় কৰিলেও আনক উপদেশ দিয়াৰ ক্ষেত্ৰত থমকি ল’বলগীয়া হয় বুলি মন্তব্য কৰে তেওঁ। এজন চিকিৎসকে কাম কিমান গুৰুত্বসহকাৰে কেনেকৈ কৰিব সেয়া তেওঁৰ নিজৰ মানসিকতাৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰে ডা: সৰ্বেশ্বৰ ভূঞাই। শিৱসাগৰ জিলাৰ বকতাত জন্মগ্ৰহণ কৰা ডা: সৰ্বেশ্বৰ ভূঞাই ১৯৮৯ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে চিকিৎসক হিচাপে যোগদান কৰাৰ পিছত ১৯৯০ চনৰ পৰা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত সেৱা আগবঢ়ায় আহিছে।মানৱ দৰদী সু চিকিৎসকগৰাকীলৈ এই সন্মান আগবঢ়োৱাত সকলোৱে সন্তোষ প্ৰকাশ কৰিছে।সৌৰভপ্ৰাণ শিৱসাগৰ ৰ্শীষক বঁটা প্ৰদান অনুষ্ঠানৰ লগতে বিশিষ্ট নাট্যকাৰ ,পৰিচালক যোৰহাটৰ দেৱব্ৰত মহন্তক তাৰিণী চেতিয়া সোৱঁৰণী অসম নাট্যজ্যোতি বঁটা ২০২৪ আৰু নাট সংগঠক ডুমডুমাৰ নৱজ্যোতি শইকীয়াক কিৰণ গগৈ সোঁৱৰণী অসম নাট্য আৰুণোদয় বঁটা ২০২৪ প্ৰদান কৰা হয়। জিতুজ্যোতি গায়নে আঁত ধৰা অনুষ্ঠানটোত দিলীপ চাংমাই, অনুপ গগৈ, ব্ৰজেন ফুকন, আকাশ দুৱৰী, ৰাতুল ভৰালী, প্ৰশান্ত গগৈ, বিনিতা শইকীয়া দে, ডাঃ গোবিন সন্দিকৈ, ৰিতুৰ্পন বৰগোহাই, প্ৰশান্ত বৰগোহাই উপস্থিত থাকে। শিৱসাগৰৰ সন্ধিয়াৰ সুৰ মইনা পাৰিজাতৰ “বেহু” নাটকে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান আৰু মণিকূট নাট্যগোষ্ঠী মৰিজাজীৰ “এটা সঁচা সাধু” আৰু সৃষ্টি নাট্যগোষ্ঠী ধিং নগাঁৱৰ “লাইট চাউণ্ড কেমেৰা এক্সন” নাটকে যুটীয়াভাবে তৃতীয় পুৰস্কাৰ লাভ কৰে। সমাৰোহৰ শ্ৰেষ্ঠ শৃংখলাবদ্ধৰ সন্মান লাভ কৰে আকাশ গোষ্ঠী বঙাইগাঁৱৰ “ব’ল নাটক কৰো নাটকে”। শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ সন্মান লাভ কৰে অভিলাষ কাশ্যপ লখিমপুৰৰ আৰু মল্লিকা কুটুম ধেমাজি। বিশ্বনাথৰ জিংকু বৰুৱাই শ্ৰেষ্ঠ পৰিচালক আৰু নিতুল ভূঞাই শ্ৰেষ্ঠ পাণ্ডুলিপি বটা লাভ কৰে। নাট সমাৰোহৰ মুখ্য সম্পাদক পাৰ্থপ্ৰতীম বৰাই অংশ গ্ৰহনকাৰী সকলো নাট্যদলকে কৃতজ্ঞতা জ্ঞাপন কৰে।
প্ৰেৰক আশ্ৰফুৰ ৰহমান