হোজাইত আনফৰ ফাউণ্ডেচনৰ ই-ৰিক্সা বিতৰণ
নিয়মীয়া বাৰ্তা , ৩১ জুলাই : হোজাইৰ বেচৰকাৰী সংস্থা আনফৰ ফাউণ্ডেচনৰ উদ্যোগত হোজাইৰ গোপাল নগৰস্থিত আনফৰ হাউচত আয়োজন কৰা হয় এখনি ‘আয় উৎপাদন প্ৰকল্প’ অনুষ্ঠান। উক্ত অনুষ্ঠানত আজি ৪০জন হিতাধিকাৰীৰ মাজত একোখনকৈ ই-ৰিক্সা বিতৰণ কৰা হয়। উল্লেখ্য যে লাকী দে নামৰ এগৰাকী হিন্দু মহিলাই আজিৰ এই অনুষ্ঠানত ই-ৰিক্সা লাভ কৰি আৱেগিক হৈ অন্তৰৰ পৰা ধন্যবাদ জনায় আনফৰ ফাউণ্ডেচনৰ বিষয়ববীয়াসকলক। জানিব পৰা মতে মাতৃৰ চিকিৎসা কৰিবলৈ সহায় বিচাৰি আহিছিল মৌলানা মস্তাক আনফৰৰ ওচৰত। কিন্তু পৰৱৰ্তী মৌলানা আনফৰে লাকী দেৰ পৰিয়ালৰ অৱস্থা দেখি সৰু এটা উপাৰ্জনৰ ব্যৱস্থা এটা দিছে বুলি সংবাদ মাধ্যমৰ আগতে ব্যক্ত কৰে অসহায় মহিলাগৰাকীয়ে। ইফালে হাজী আনফৰ আলী কলেজত অধ্যয়নৰত তইবুৰ ৰহমান নামৰ বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰই এই ই-ৰিক্সা বিতৰণ অনুষ্ঠানত এখন ই-ৰিক্সা লাভ কৰি যথেষ্ট উৎফুল্লিত হোৱা দেখা পোৱা যায়। জানিব পৰা মতে বিশেষভাৱে সক্ষম তইবোৰ ৰহমান নামৰ ছাত্ৰজনৰ পিতৃ মাতৃ কোনো নাই । এখন ভৰি নোহোৱা অৱস্থাত তেওঁৰ নিজৰ কৰ্মৰ উপাৰ্জনেৰে শিক্ষাৰ লগত জড়িত যাৱতীয় বস্তুখিনি ক্ৰয় কৰে। ইফালে উক্ত সভাত নিজৰ প্ৰয়াত পিতৃ হাজী আনফৰ আলীৰ কথা মনত পেলাই আৱেগিক হৈ পৰে মৌলানা মস্তাক আনফৰ। আজিৰ এই ‘আয় উৎপাদন প্ৰকল্প’ অনুষ্ঠানত উপস্থিত থাকে আনফৰ ফাউণ্ডেচনৰ সভাপতি ফাৰুক আনফৰ, অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি তথা আনফৰ ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠপোষক মৌলানা মস্তাক আনফৰ, অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰী, আছলম আনফৰ, বিশিষ্ট সমাজ কৰ্মী ফইজুল হক, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক লক্ষ্মণ পাটগিৰি, আমছু হোজাই জিলা সমিতিৰ উপদেষ্টা মনোৱাৰ হুছেইন বকুল সহ হোজাই জিলাৰ কেইবাজনো গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত সফল আৰু সুন্দৰকৈ অনুষ্ঠানৰ সামৰণি পৰে।
প্ৰেৰক হাফিজ আব্দুল আহাদ