🔹 মুখ্যমন্ত্রী ড০ শর্মাৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ
🔹 মোদীয়ে কাজিৰঙাত নিশা কটোৱাৰ পিছত ৰাষ্ট্রীয় উদ্যানখনত সংখ্য়া বৃদ্ধি পর্যটকৰ
বিশেষ বাৰ্তা, ৪ আগষ্ট : ৰাজ্যৰ পর্যটন খণ্ডৰ সামগ্রিক বিকাশৰ দিশত এক নতুন মাত্রা প্রদানেৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত তাজ গ্রুপৰ তাজ ৰিজ’ৰ্ট এণ্ড স্পাৰ অধীনত কাজিৰঙাত প্রথমবাৰৰ বাবে পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে কালি ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ সৈতে অসম পর্যটন উন্নয়ন নিগম আৰু এমালগেমেটেড প্লেণ্টেচনছ প্রাইভেট লিমিটেডৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ জনতা ভৱন পৰিসৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ মুখ্য কার্যবাহী বিষয়া পুনিৎ ছাটোৱাল আৰু এমালগেমেটেড প্লেণ্টেচনছ প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া সুখজিৎ সিং মালহোত্রাই এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে৷ উল্লেখ্য যে এই বুজাবুজি চুক্তিৰ অধীনত মুঠ বিনিয়োগ হ’ব ১২০ কোটি টকা৷ কাজিৰঙাত নির্মাণ হ’বলগীয়া পঞ্চতাৰকাযুক্ত হোটেলখনত ৭৫ৰ পৰা ১০০টা কোঠা থাকিব৷ এই প্রকল্পৰ দ্বাৰা প্রায় ২০০গৰাকী যুৱক–যুৱতীৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব৷ এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই আজিৰ দিনটো অসমৰ বাবে এটা উল্লেখনীয় দিন বুলি অভিহিত কৰি কয় যে আজিৰ দিনটোতে জাগীৰোডত অসমৰ প্রথমটো ছেমিকণ্ডাক্টৰ উদ্যোগৰ ভূমি পূজন সম্পাদন হোৱাৰ উপৰি কাজিৰঙাত এখন পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে৷ কোনো এটা অঞ্চললৈ পর্যটক আহি কিছুদিন অতিবাহিত কৰিলেহে পর্যটন উদ্যোগটোৰ সৈতে জড়িত ব্যৱসায়ীসকল উপকৃত হয়৷ কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেলৰ অভাৱৰ বাবে বহু পর্যটকে এদিন বা দুদিনতে ৰাষ্ট্রীয় উদ্যানখন ভ্রমণ কৰি উভতি গৈছিল৷ ইয়াৰ পৰিপ্রেক্ষিততে তেওঁ টাটা গ্রুপক কাজিৰঙাত এখন পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে বহু দিনৰে পৰা অনুৰোধ জনাই অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রতিষ্ঠানটো এতিয়া অঞ্চলটোত এখন হোটেল নির্মাণৰ দিশত আগবঢ়াৰ পিছত কাজিৰঙাত পর্যটকসকলৰ বাবে অতিৰিক্ত কিছু সময় কটোৱাৰ সুবিধাৰ সৃষ্টি হ’ব৷ তাজ গ্রুপৰ বিশিষ্ট অতিথি সেৱাৰ দ্বাৰা ৰাজ্যখনৰ পর্যটন ক্ষেত্রখন অর্থনৈতিকভাৱে আৰু অধিক সবল কৰিব পৰা যাব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শেহতীয়া কাজিৰঙা ভ্রমণৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী মোদীয়ে কাজিৰঙা ভ্রমণৰ উপৰি তাত এনিশা কটাই যোৱাৰ পিছত ৰাষ্ট্রীয় উদ্যানখনলৈ অভিলেখসংখ্যক পর্যটকৰ আগমন ঘটিছে৷ এই বুজাবুজি চুক্তিৰ জৰিয়তে তাজ গ্রুপে হোটেল স্থাপনৰ বাবে গ্রহণ কৰা পদক্ষেপে পর্যটন খণ্ডটোক আৰু অধিক আগুৱাই নিয়াত সহায় কৰিব৷ এই আতিথ্য আন্তঃগাঁথনি নির্মাণৰ দিশত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়–সহযোগিতা আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই নিশ্চিতি প্রদান কৰে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কাজিৰঙাত পঞ্চতাৰকা হোটেল স্থাপনে দর্শনার্থীক বিশ্বমানৰ সুখানুভূতি প্রদানৰ লগতে ৰাজ্যৰ অর্থনীতিতো ইতিবাচক প্রভাৱ পেলাব বুলি মন্তব্য কৰে৷ অনুষ্ঠানত দি টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্রশেখৰণে অসমৰ প্রাকৃতিক সৌন্দর্যৰ ভূয়সী প্রশংসা কৰি কয় যে অসম অতুলনীয় প্রাকৃতিক বৈভৱেৰে সমৃদ্ধ আৰু বিশ্বৰ পর্যটন ক্ষেত্রখনত উজলি উঠাৰ বাবে ৰাজ্যখন অফুৰন্ত সমল আৰু সম্ভাৱনাৰে পৰিপূর্ণ৷ ৰাজ্যখনক অর্থনৈতিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই গ্রহণ কৰা পদক্ষেপৰ শলাগ লৈ তেওঁ কয় যে ড০ শর্মাৰ নেতৃত্বত ৰাজ্যখনত পর্যটন খণ্ডটোৱে নতুন গতি লাভ কৰিছে৷ তেওঁ লগতে ঘোষণা কৰে যে ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ গুৱাহাটীস্থিত ভিভাণ্টা হোটেলখন তাজ হোটেললৈ উন্নীত কৰা হ’ব৷ তদুপৰি গুৱাহাটীৰ পৰা জাগীৰোডলৈ যোৱা পথত তাজ গ্রুপে এখন তাজ গেটৱে’ হোটেল স্থাপনৰ পৰিকল্পনা গ্রহণ কৰিছে৷ অনুষ্ঠানত পর্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা, হস্ততাঁত আৰু বস্ত্রশিল্প মন্ত্রী উর্খাও গৌৰা ব্রহ্ম, চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণ, মুখ্য সচিব ড০ ৰবি কোটা, পর্যটন বিভাগৰ প্রধান সচিব ড০ জে বি এক্কা, ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া পুনিৎ ছাটোৱাল, এমালগেমেটেড প্লেণ্টেচনছ প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া সুখজিৎ সিং মালহোত্রা, টাটা ইলেক্ট্র’নিকছৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া ৰণধীৰ ঠাকুৰ, অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা আদি উপস্থিত থাকে৷