🔹 আনিছ ইছলামৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে সচেতন মহলৰ
নিয়মীয়া বাৰ্তা, ৪ আগষ্ট : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ চহৰৰৰ মাজমজিয়াত চৰকাৰী ঘৰ দিয়াৰ নামত এজন যুৱকে দুখীয়া-নিচলা লোকৰ পৰা কৌশলেৰে ধন সংগ্ৰহ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চৰকাৰী ঘৰৰ বাবে আবেদন লিখি দি ধন লৈছে এইগৰাকী যুৱকে। সহজ-সৰল গাঁৱলীয়া দুখীয়া পুৰুষ-মহিলাসকলক নিজে আবেদন লিখি দি আবেদনখন জমা ৰাখি পৰৱৰ্তী সময়ত ঘৰ লাভ কৰিব বুলি দিছে প্ৰতিশ্ৰুতি ৷ চৰকাৰী কোনো নিৰ্দেশনা নথকাৰ পিছতো কিন্তু মানকাচৰত আনিছ ইছলাম নামৰ এই যুৱকজনৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে সচেতন মহলৰ ৷ কেইবাদিন ধৰি পুৰুষ-মহিলাসকলে আনিছ ইছলাম নামৰ যুৱকজনৰ ওচৰত শাৰী পাতি ঘৰ লাভ কৰাৰ আশাত ধন দি লিখাই লৈছে আবেদন। মানকাচৰৰ খণ্ড উন্নয়ন বিষয়া কৌস্তৱ দাসে আনিছ ইছলাম নামৰ যুৱকজনে চৰকাৰী ঘৰৰ বাবে আবেদন লিখি দিয়া ঠাইত উপস্থিত হৈ ৰাইজক অৱগত কৰে যে এইদৰে আবেদন লিখি ঘৰ লাভ নকৰে৷ ঘৰ লাভ কৰিবলৈ চৰকাৰী বিষয়াইহে চৰকাৰী নিয়ম মতে লিষ্ট তৈয়াৰ কৰিব ৷ লগতে পুৰুষ-মহিলাসকলক এনে ঠগ-প্ৰৱঞ্চকৰ জাল নপৰিবলৈ আহ্বান জনায়৷
প্ৰেৰক ফাৰহাদ আহমেদ