🔹 অগপৰ ভেটি শক্তিশালী কৰিবলৈ সতীৰ্থক আহ্বান সভাপতি অতুল বৰাৰ
বিশেষ বাৰ্তা, ৪ আগষ্ট : আজি দেৰগাঁৱত অগপৰ দেৰগাঁও বিধানসভা সমষ্টি সমিতিৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সাংগঠনিক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই দলীয় সতীৰ্থসকলক সম্বোধন কৰে। সভাত সভাপতি বৰাই সতীৰ্থসকলক আগন্তুক অসম বিধানসভাৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত দলৰ বিজয়ধ্বজা উৰুৱাবলৈ শৃংখলাবদ্ধ আৰু অধিক তৎপৰতাৰে জনসংযোগ বৃদ্ধি কৰি সাংগঠনিক যাৱতীয় কাম-কাজত নিষ্ঠাৰে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।
দেৰগাঁও বিধানসভা সমষ্টি সমিতিৰ সভাপতি প্ৰশান্ত ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, অগপৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ড° নৃপেন বৰুৱা, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি নুৰুল চুলতান সমন্বিতে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, সম্পাদকসকল, জিলা, বিধানসভা সমষ্টি সমিতি আৰু আঞ্চলিক সমিতিসমূহৰ সভাপতি, সম্পাদক সমন্বিতে বিভিন্ন দায়িত্বত থকা অন্যান্য বিষয়ববীয়াসকল, ভাতৃ-ভগ্নী সংগঠনসমূহৰ সভাপতি-সম্পাদক, বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে।