নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰা এন চিত গ্ৰাহক সেৱা কেন্দ্ৰত চোৰৰ লুটপাত

🔹 চুৰিৰ পূৰ্বে ফোনত শাখাটি সন্দৰ্ভত স্বত্বাধিকাৰীক বিভিন্ন প্ৰশ্ন কৰে চোৰে !

নিয়মীয়া বাৰ্তা,  ৫ আগষ্ট : চোৰে লুটি নিলে ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ এটাৰ জমা ধন। চুৰিকাণ্ডৰ বিপৰীতে ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ | জানিব পৰা মতে, নগৰবেৰাৰ মন্দিৰা এন চি গাঁৱৰ ফজৰ আলী নামৰ এজনৰ বেংক গ্ৰাহক সেৱা কেন্দ্ৰ (চিএছপি) শাখাত দেওবাৰৰ আবেলি চোৰ সোমাই নগদ ২ লাখ ৮০ হাজাৰ টকা লুটি নিয়ে | শাখাটি বন্ধ কৰি ফজৰ আলী ঘৰলৈ যোৱাৰ সুযোগতে চোৰে এই কাণ্ড সংঘটিত কৰে। ৰাইজে অনুসন্ধান চলাই একো উৱাদিহ নাপাই সন্ধিয়া পৰত মন্দিৰা আৰক্ষী চকীত খবৰ দিয়ে | এই অতপালি দেখি চোৰৰ বিৰুদ্ধে ৰাইজে আৰক্ষীক সষ্টম হোৱাৰ দাবী জনায় আৰু সন্ধিয়া পৰত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ | আনহাতে, চিএছপি শাখাৰ স্বত্বাধিকাৰী ফজৰ আলীয়ে জনোৱা মতে চুৰি হোৱাৰ পূৰ্বে এজনে তেওঁক ফোন কৰি শাখাটি সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰে আৰু সেই সূত্ৰেই ফোন কৰাজনেই এই কাণ্ড সংঘটিত কৰিব পাৰে বুলিও তেওঁ জনায় | শীঘ্ৰে আৰক্ষীক অঞ্চলটোত সঘনাই সংঘটিত হৈ থকা উপৰ্যুপৰি চুৰিকাণ্ড ৰোধ কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী ৰাইজে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like