অশান্ত বাংলাদেশ : একেদিনাই নিহত ৯২
🔹 হাছিনা চৰকাৰৰ পদত্যাগৰ দাবীত জ্বলিছে ঢাকাসহ সমগ্র দেশ
🔹 আহত হাজাৰ হাজাৰ প্রতিবাদী
নিউজ ডেস্ক, ৫ আগষ্ট : সংৰক্ষণৰ সংস্কাৰৰ দাবীত ৰূপায়িত প্রতিবাদী কার্যসূচীত ইতিমধ্যে ৰক্তাক্ত হৈছে বাংলাদেশ৷ অশান্ত বাংলাদেশলৈ কিছু স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছিল যদিও কালি পুনৰ বিক্ষোভত উত্তাল হৈ পৰে ভাৰতৰ প্রতিৱেশী ৰাষ্ট্রখন৷ বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত কালিৰে পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ বিক্ষোভৰ জুই দাওদাওকৈ জ্বলে দেশখনৰ ৰাজধানী ঢাকাসহ কেইবাখনো চহৰত৷ কালি জংগী বিক্ষোভৰ সময়ত ১৪ আৰক্ষী বিষয়া–জোৱান–সাংবাদিকসহ নিহত হয় কমেও ৯২জন লোক৷ আহত হৈছে কেইবাহাজাৰো প্রতিবাদকাৰী৷ পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি শ্বেখ হাছিনা চৰকাৰে ইতিপূর্বে তিনিদিনলৈ সাধাৰণ ছুটী ঘোষণা কৰিছিল৷ কিন্তু কালি প্রথম দিনাই অসহযোগ আন্দোলনে সমগ্র বাংলাদেশতে অগ্নিগর্ভ পৰিস্থিতিৰ সৃষ্টি কৰে৷ উল্লেখ্য যে সংৰক্ষণৰ সংস্কাৰৰ দাবীত হোৱা আন্দোলনত মাত্র কেইদিনমান পূর্বে দুই শতাধিক লোকে প্রাণ হেৰুৱাবলগীয়া হৈছিল৷ তাৰ পিছতে পৰিস্থিতি কিছু শান্ত হয় যদিও কালি শিক্ষার্থী আৰু যুৱ সমাজে শ্বেখ হাছিনা চৰকাৰৰ পদত্যাগ দাবী কৰি আন্দোলন আৰম্ভ কৰে৷ দেশখনৰ প্রধান বিৰোধী দল বিএনপিসহ অন্যান্য বিৰোধী ৰাজনৈতিক দলবোৰেও এই আন্দোলনলৈ সমর্থন জনাইছে৷ ইফালে, এই আন্দোলনৰ বিৰুদ্ধে ৰাজপথত নামিছে শাসকীয় দলৰ আৱামী লীগৰ নেতা–কর্মীসকল৷ আন্দোলনকাৰীৰ সৈতে মুকলি সংঘাতত লিপ্ত হৈ পৰে আৱামী লীগৰ নেতা–কর্মীসকলৰ লগতে আৰক্ষী৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা জুলাই মাহৰ আৰম্ভণিৰে পৰা সংৰক্ষণ সংস্কাৰৰ দাবীত আন্দোলন কৰিছিল শিক্ষার্থীসকলে৷ ১৫ জুলাইৰ পৰা এই আন্দোলনে সংঘাতৰ ৰূপ লয়৷ চৰকাৰৰ হিচাপ অনুসৰি এই আন্দোলনত নিহত হয় দুই শতাধিক লোক৷ নিহত লোকসকলৰ অধিকসংখ্যকেই শিক্ষার্থী, শিশু আৰু সাধাৰণ জনতা৷ এই প্রেক্ষাপটত যোৱা সপ্তাহৰ পৰা বাংলাদেশত সান্ধ্য আইন জাৰি কৰে শ্বেখ হাছিনা চৰকাৰে৷ বিগত প্রায় ১৬ বছৰ ধৰি একেৰাহে ক্ষমতাত আছে শ্বেখ হাছিনাৰ দল আৱামী লীগ৷ চৰকাৰী চাকৰি, মুক্তিযোদ্ধাকে ধৰি বিভিন্ন ধৰণে ৫৬ শতাংশ সংৰক্ষণৰ ব্যৱস্থা আছে বাংলাদেশত৷ এই সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবীত আন্দোলন কৰিছিল শিক্ষার্থীসকলে৷ কালি শিক্ষার্থীসকলৰ ঘোষিত অসহযোগ আন্দোলনৰ প্রথম দিনা ৰাজধানী ঢাকাসহ সমগ্র দেশতে আৰম্ভ হয় সংঘাত৷ দেশখনৰ চিৰাজগঞ্জ জিলাৰ এনায়েটপুৰ থানাত আক্রমণ চলায় আন্দোলনকাৰীসকলে৷ এই আক্রমণৰ ঘটনাত ১৩জন আৰক্ষী নিহত হয়৷ ইয়াৰ উপৰি জিলাখনত দিনটো চলি থকা সংঘর্ষত এজন সাংবাদিকসহ অন্য ১০গৰাকী লোক নিহত হয়৷ শেহতীয়া খবৰ অনুসৰি ঢাকাত ৬জন, মুঞ্চিগঞ্জত ৪জন, মাগুৰাত ৪জন, ৰংপুৰত ৫জন, বগুড়াত ৩জন, পাবনাট ৩জন, লক্ষীপুৰত ৫জন, বড়িশালত ২জন, জয়পুৰহাটত এজন, কুমিল্লাত ২জন, কিশোৰগঞ্জত ৪জন, হোলাত ৩জন, ফেনীত ৭জন আৰু ধামৰাইত এজন প্রতিবাদকাৰী নিহত হোৱাৰ তথ্য পোৱা গৈছে৷ ইয়াৰ উপৰি শাসকীয় দলৰ সাংসদসহ বহু লোক আহত হৈছে৷ আন্দোলনৰ জুই বিয়পি পৰিছে সমগ্র বাংলাদেশত৷ নিহতসকলৰ ভিতৰত শাসকীয় দল আৱামী লীগৰ নেতা, জনপ্রতিনিধি, বিএনপি কর্মী তথা সাধাৰণ আন্দোলনকাৰীও আছে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষী আৰু সেনাই সমগ্র দেশত অভিযান চলাই আছে৷ ইফালে, বিক্ষোভত অগ্নিগর্ভ হৈ পৰা দেশখনত সন্ধিয়া ৬ বজাৰ পৰা অনির্দিষ্ট কাললৈ প্রশাসনে জাৰি কৰিছে সান্ধ্য আইন৷