নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ দৰঙীয়া কৃষ্টি-সংস্কৃতিৰ অন্যতম বাদ্য ঢেপাঢোলক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে ছিপাঝাৰৰ দক্ষিণচুবুৰীত আয়োজন কৰা হৈছে ঢেপাঢোলৰ প্ৰশিক্ষণ কৰ্মশালা । মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত আৰু উৎসাহ সাংস্কৃতিক গোষ্ঠীৰ সহযোগত আয়োজন কৰা হৈছে ঢেপাঢোলৰ কৰ্মশালা । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ছিপাঝাৰ সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা ১২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ হ’ব লগা এই প্ৰশিক্ষণ শিবিৰ জ্ঞান মালিনী সংঘ প্ৰাঙ্গনত হ’ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে । উল্লেখ্য যে, আগ্ৰহী প্ৰশিক্ষাৰ্থীসকলক ৯৯৫৪০৮৮৩৮৭ অথবা ৭৩৯৯৬৫০৪৫৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ।