নিয়মীয়া বার্তা, ৬ মার্চঃ ‘ছাত্রনেতা লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ তদন্তৰ আৰম্ভণিতে প্রথম সন্দেহৰ আঙুলিটো হাগ্রামা বাহিনীৰ ফালে যোৱাৰ লগতে কিছুদিন পূর্বে নাৰায়ণগুৰিত সংঘটিত হত্যাকাণ্ডৰ সৈতে হাগ্রামা বাহিনী জড়িত থকাৰ যথেষ্ট প্রমাণ আছে ৷ একমাত্র ৰাজনৈতিক ক্ষমতাত বলীয়ান হৈ থকা বাবে হাগ্রামা মহিলাৰী ৰেহাই পাই আছে ৷ কিন্তু এইবাৰৰ বিটিচিৰ নির্বাচনত সকলো দিশ সলনি হ’ব আৰু বিপিএফ নিশ্চিত ৰূপে পৰাজিত হ’ব ৷ হাগ্রামাৰ ক্ষমতাচ্যুত হোৱাটো কেৱল সময়ৰ অপেক্ষা ৷ বিটিচি নির্বাচনৰ পিছতেই হাগ্রামা বাহিনীৰ ক্ষমতাৰ যৱনিকা পৰিব আৰু হাগ্রামাসহ বাহিনীটোৰ বহুতে তিহাৰ জে’ললৈ যাব লাগিব ৷’ –এই মন্তব্য কোকৰাঝাৰৰ সাংসদ তথা গণ সুৰক্ষা পার্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াৰ ৷ তেওঁ বৃহস্পতিবাৰে গোসাঁইগাঁও মহকুমাৰ তেলিপাৰাৰ মাটিয়াজুৰি খেলপথাৰত অনুষ্ঠিত গণ সুৰক্ষা পার্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ গণ সমাৱেশত অংশগ্রহণ কৰাৰ পূর্বে সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত আৰু কয় যে শোষণ আৰু বৈষম্যৰ ৰাজনীতি কৰি বিটিচিবাসীক লুণ্ঠন চলোৱা বিপিএফৰ অৱস্থা এইবাৰ অতি শোচনীয়৷ বিপিএফে বিজেপিৰ সহায়ত পুনৰ ক্ষমতা দখলৰ চেষ্টা চলাইছিল যদিও বিজেপিয়ে পোনপটীয়াকৈ সমর্থন নিদি দূৰৰ পৰা সমর্থন দিয়া পৰিলক্ষিত হৈছে ৷ তেনে ক্ষেত্রত বিপিএফৰ শেষ আশাও বিফল হৈছে আৰু নির্বাচনত ২–৩টা সমষ্টিতে জয়লাভ কৰাটোৱে কঠিন হৈ পৰিব ৷ গতিকে এইবাৰৰ নির্বাচনত বিপিএফ দল আমাৰ বাবে কোনো ফেক্টৰে নহয় বুলি উল্লেখ কৰি ইউ পি পি এলেই মূল প্রতিদ্বন্দ্বী হ’ব বুলি কয় শৰণীয়াই ৷
কিন্তু ইউপিপিএল মূল প্রতিদ্বন্দ্বী হ’লেও গণ সুৰক্ষা পার্টীৰ সন্মুখত তিষ্ঠিব নোৱাৰে বুলি সাংসদগৰাকীয়ে দৃঢ়তাৰে কয় ৷ কাৰণ বিটিএডিবাসীয়ে বুজি পাইছে যে বিটিআৰ চুক্তিৰ মূলতেই হ’ল বড়োলেণ্ডৰ দিশে আগবঢ়া ৷ তদুপৰি চুক্তিখনক শান্তি চুক্তি বুলি কোৱা হৈ আছে যদিও অবড়োৰ বাবে এই চুক্তিখন অশান্তিৰহে চুক্তি ৷ বিটিচিত বসবাস কৰা ৬৮ শতাংশ লোকৰ মতামতক আওকাণ কৰি এই চুক্তি কেৱল ৰাজনৈতিক স্বার্থ পূৰণ কৰাৰ বাবে সম্পাদিত কৰা হৈছে ৷ বিটিআৰ গঠন কৰাৰ অর্থ পৰৱর্তী পর্যায়ত বড়োলেণ্ড গঠন কৰা ৷ এই কথাটো অবড়ো লোকে স্পষ্টকৈ বুজি পাইছে ৷ বড়ো ৰাজনীতিৰ এই কুটিল চক্রান্ত ৰোধ কৰিবলৈ হ’লে সম্পাদিত বিটিআৰৰ বিৰুদ্ধে ভোটদান কৰি বিটিচিৰ ৰাজনৈতিক ক্ষমতা ৬৮ শতাংশ লোকৰ হস্তগত কৰিব লাগিব ৷ তেতিয়াহে বিটিআৰ ৰোধ কৰাৰ লগতে গাঁও কর্তন, জনজাতিকৰণ, পুনৰ সংস্থাপন আৰু মাটিৰ পট্টা আদি সকলো সমস্যাৰ স্থায়ী সমাধানৰ সূত্র উলিয়াব৷ এইবেলি ৰাইজে এই সুবর্ণ সুযোগ লৈ হাগ্রামা বাহিনীক ওফৰাই সংখ্যাগৰিষ্ঠ অবড়োসকলে ৰাজনৈতিক ক্ষমতা হস্তগত কৰাৰ বাবে প্রস্তুত হৈ আছে ৷
অবড়োৰ এই উত্থানক প্রতিহত কৰিবলৈ বিটিচিৰ শাসক গোষ্ঠী তথা আন দলে অবড়োক ভয়–ভীতি দেখুৱাবলৈ অস্ত্র প্রয়োগ কৰাৰ আশংকা ব্যক্ত কৰি সাংসদগৰাকীয়ে সকলোকে এইক্ষেত্রত সাৱধান হৈ গণতান্ত্রিক যুঁজত অংশ ল’বলৈ আহ্বান জনায় ৷ ইউপিপিএলৰ সভাপতি তথা এবছুৰ প্রাক্তন সভাপতি প্রমোদ বডো সন্দর্ভত তেওঁ কয়– ৰাজনীতিৰ এবিচি শিকোঁতে তেওঁক পাঁচ বছৰ লাগিব, পাঁচ বছৰ পিছতহে তেওঁ ক্ষমতালৈ অহাৰ আশা আছে৷ এইবেলি অবডো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পার্টীয়ে সন্মিলিতভাৱে বিটিচিৰ ক্ষমতা দখল কৰিব বুলি কয় সাংসদ শৰণীয়াই৷ মাটিয়াজুৰি খেলপথাৰত অবডো সুৰক্ষা সমিতিৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি আমজাদ হুছেইন তালুকদাৰৰ পৰিচালনাত অনুষ্ঠিত গণ সমাৱেশত অবডো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্রমেও বিপিএফ–ইউপিপিএলক কঠোৰ সমালোচনা কৰে আৰু দুয়োটা দলক অবডোবিৰোধী বুলি আখ্যায়িত কৰি আগন্তুক বিটিচি নির্বাচনত অবডোসকলক ঐক্যবদ্ধভাৱে অবডো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পার্টীৰ মনোনীত প্রার্থীক ভোট দি নির্বাচিত কৰিবলৈ আহ্বান জনায়৷ উক্ত সভাত বিভিন্ন দলৰ পৰা ২৫০গৰাকী লোকে গণ সুৰক্ষা পার্টীত যোগদান কৰে৷ ইয়াৰ ভিতৰত উক্ত অঞ্চলৰ প্রয়াত কংগ্রেছ নেতা তথা প্রাক্তন মন্ত্রী মিথিয়াছ টুডুৰ পুত্র তথা প্রদেশ কংগ্রেছ কমিটীৰ সম্পাদক খ্রীছষ্টম টুডুৱে আজি কংগ্রেছ দল ত্যাগ কৰি গণ সুৰক্ষা পার্টীত যোগদান কৰাটো বিশেষ তাৎপর্যপূর্ণ৷ উক্ত গণ সমাৱেশত গণ সুৰক্ষা পার্টী আৰু অবডো সুৰক্ষা সমিতিৰ কেন্দ্রীয় তথা জিলা পর্যায়ৰ বহুতো নেতা–নেত্রীৰ লগতে সহস্রাধিক লোক উপস্থিত থাকে ৷