নিয়মীয়া বাৰ্তা, ৬ মার্চঃ চৰকাৰী চাকৰিৰ আশাত চৰকাৰী কার্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ভাগৰি পৰা নলবাৰীৰ এগৰাকী ৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈয়ে ফুল বিক্রী কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে ৷ ফুলৰ বাগিচাৰে জীয়াই থকাৰ সংগ্রামত নামি পৰা শিক্ষিত যুৱকজন হৈছে নলবাৰী জিলাৰ পানীগাঁৱৰ দীপক তালুকদাৰ ৷ ৰাষ্ট্রীয় খেলুৱৈৰ এনে কৰুণগাথাই বিশেষ তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে ৰাষ্ট্রীয় পর্যায়ৰ কাবাদী আৰু এথলেটিকছ খেলুৱৈ দীপক তালুকদাৰে এটা চৰকাৰী চাকৰিৰ আশাত চৰকাৰী কার্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি বিমুখ হৈ এদিন নিজৰ সকলো প্রমাণ–পত্রসহ চাকৰিৰ আবেদন–পত্র লৈ স্থানীয় বিধায়ক তথা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ কাষ চাপিছিল৷ কিন্তু বিধায়কে তেওঁৰ ফালে কেৰাহিকৈও নাচালে বুলি ক্ষোভ প্রকাশ কৰে শিক্ষিত যুৱকজনে৷ সেয়ে চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰি ৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈগৰাকীয়ে পেটৰ ভাতমুঠিৰ তাডনাত পৰিয়াল পোহপাল দিবলৈ ফুলৰ বাগিচাৰে সংস্থাপনৰ পথ বাছি লৈছে৷ নিজৰ ঘৰৰ পিছফালে থকা প্রায় দুই বিঘা মাটিত সাজি উলিয়াইছে এখন ফুলৰ বাগিচা৷ নার্জি, ৰজনীগন্ধা, জাৰবেৰা, হেলকনি আদি ফুল আছে বাগিচাখনত৷ বজাৰত বিক্রী কৰিছে নিজৰ বাগিচাত উৎপাদিত বিবিধ ফুল৷ এতিয়া এই বাগিচাৰ ফুল নিবলৈ নলবাৰী জিলাৰ লগতে দাঁতিকাষৰীয়া জিলাসমূহৰ পৰাও গ্রাহকে ভিৰ কৰা বুলি জনা গৈছে৷ ফুলৰ ওপৰত প্রশিক্ষণ লোৱা তালুকদাৰৰ হেঁপাহ চৰকাৰীভাৱে সহায় পালে ফুলৰ খেতিখন আৰু আগবঢ়াই নিয়াৰ ৷ সম্পূর্ণ এক প্রাকৃতিক পৰিৱেশৰ মাজত দিনে–নিশাই নিজকে বিলীন কৰি দিয়া দীপক তালুকদাৰ একাধাৰে এজন সুদক্ষ ফুটবল, এথলীট আৰু কাবাদীৰ এগৰাকী ৰাষ্ট্রীয় খেলুৱৈ ৷ এগৰাকী সুদক্ষ ৰাজ্যিক ৰেফাৰীও তালুকদাৰ ৷