চুক্তিৰ পিছতে তালিবানৰ ওপৰত আমেৰিকাৰ আক্রমণ
নিয়মীয়া বাৰ্তা, ৬ মার্চঃ আমেৰিকা যুক্তৰাষ্ট্র আৰু তালিবানৰ মাজত যোৱা ২৯ ফেব্রুৱাৰীত হোৱা চুক্তি মর্মে দেশখনে আফগানিস্তানৰ পৰা সৈন্যবাহিনী ঘূৰাই নিয়াৰ সিদ্ধান্ত লৈছিল ৷ এই চুক্তিৰ কেইদিনমানৰ পিছতে বুধবাৰে মার্কিন সেনাই তালিবান যোদ্ধাৰ ওপৰত আক্রমণ সংঘটিত কৰে ৷ আমেৰিকা সেনাৰ এজন মুখপাত্রই জনোৱা মতে, দক্ষিণ হেলমাণ্ড প্রদেশত এই ঘটনা সংঘটিত হয়৷ ইয়াৰ পূর্বে তালিবানৰ মুখ্য মধ্যস্থতাকাৰী মুল্লাহ বাৰাদৰ আখন্দৰ স’তে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আলোচনাত মিলিত হৈছিল৷ কিন্তু তালিবান যোদ্ধাই আফগান ৰাষ্ট্রীয় নিৰাপত্তা বাহিনীৰ ওপৰত এটা তালাচী চকীত আক্রমণ সংঘটিত কৰাৰ পিছতেই এই আক্রমণ ওফৰাবৰ বাবে ৰক্ষণাত্মকভাৱে আক্রমণ চলায় বুলি জানিবলৈ দিছে৷ মুখপাত্রজনে আৰু কয় যে শান্তিৰ প্রতি ৱাশ্বিংটন দায়বদ্ধ৷ কিন্তু প্রয়োজন সাপেক্ষে আমি আফগান সেনাক সহায় কৰিম৷