নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত নকল সোণৰ নাওসহ ৪ সৰবৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ ৰূপহীহাটত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ ৰূপহীহাট থানাৰ বিষয়া ভোলাৰাম তেৰাঙে এক গোপন সূত্ৰৰ পম খেদি হাতীপাৰাত চলাই নকল সোণৰ বিৰুদ্ধে এক অভিযান৷ আৰক্ষীৰ অভিযানত নকল সোণৰ নাওসহ আটক ৪জনকৈ সৰবৰাহকাৰী৷ ধৃত নকল সোণ সৰবৰাহকাৰীসকলৰ পৰা আৰক্ষীয়ে জব্দ কৰা নকল সোণৰ নাওখনৰ ওজন ১ কেজি ৭৪০ গ্ৰাম৷ আৰক্ষীয়ে আটক কৰা তিনিজন নকল সোণ ব্যৱসায়ীৰ ঘৰ উৰিষ্যাত আৰু এজনৰ ঘৰ ৰূপহীহাটৰ হাতীপাৰাত৷ ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে নকল সোণ সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like