নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত লাভ জিহাদৰ অভিযোগত মৰেল পুলিচিং

নিয়মীয়া বাৰ্তা,  ১৬ আগষ্ট : কাছাৰত লাভ জিহাদৰ অভিযোগত মৰেল পুলিচিঙৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এদল ক্ষুব্ধ যুৱকে লাভ জিহাদৰ অভিযোগত এজন যুৱকক মাৰধৰ কৰে। যুৱক কেইজনমানে আৰক্ষীৰ ওচৰত অভিযুক্তক নিদিয়াকৈ আইন হাতত লৈ মৰেল পুলিচিং কৰে। এই ঘটনা কাছাৰ জিলাৰ সোণাই সমষ্টিৰ নৰসিংপুৰত সংঘটিত হৈছে। ঘটনাৰ পিছত সামাজিক মাধ্যমত মৰেল পুলিচিঙৰ ভিডিঅ’ ভাইৰেল‌ হয় । যুৱকজনৰ নাম আলী আহমেদ‌ হাজাৰী । আন ধৰ্মৰ এগৰাকী যুৱতীৰ লগত বিদ্যালয়ৰ সম্মুখত কথা পাতি থাকোঁতে হঠাৎ এদল যুৱকে যুৱকজনক প্ৰচণ্ড মাৰপিট কৰে । ঘটনাৰ পাছত আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি লৈ যায় ।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like