আপোনাৰ বহুতো ৰোগৰ কাৰণ লেতেৰা হাত দুখন
- হোমেন বৰগোহাঞি
যিসকল লোকে চকুৰ দৰব ব্যৱহাৰ কৰিব লগা হৈছে, তেওঁলোকে জানে যে চকুৰ দৰবৰ বটলৰ লগত এটা সাৱধানবাণী লিখি দিয়া হয় । সাৱধানবাণীটো হ’ল – দৰবৰ বটলৰ মুখখন কেতিয়াও হাতৰ আঙুলিৰে বা আন কোনো বস্তুৰে স্পৰ্শ নকৰিব, কাৰণ তেনে কৰিলে চকুৰ দৰবখিনিত বীজাণু প্ৰৱেশ কৰি তাৰ ৰোগনাশক শক্তি নোহোৱা কৰি পেলাব ।
এই সহজ কথাটোৰ পৰাই বুজা যায় যে আমাৰ হাত দুখনত সকলো সময়তে ৰোগৰ বীজাণু লাগিয়েই থাকে । ঈশ্বৰক বিশ্বাস কৰা লোকসকলে ঈশ্বৰ সর্বব্যাপী বুলি কয়৷ ঈশ্বৰ সর্বব্যাপী হয় নে নহয় সেই কথা আমি নাজানো৷ কিন্তু এটা কথা জানো যে ৰোগৰ বীজাণু সর্বব্যাপী৷ আমি আচলতে এখন বীজাণু–সমুদ্রত বাস কৰোঁ– ঠিক যেনেকৈ মাছে পানীত বাস কৰে৷ যিবোৰ মানৱবিহীন মহাকাশযান অন্যান্য গ্রহলৈ পঠিওৱা হৈছে, সেইবোৰক বীজাণুমুক্ত কৰিবৰ কাৰণে কল্পনাতীত চেষ্টা কৰিব লগা হয়৷ গ্রহবোৰত জীৱনৰ অস্তিত্ব আছেনে নাই সেই কথা এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই৷ পৃথিৱীৰ পৰা অন্যান্য গ্রহলৈ যোৱা মহাকাশযানবোৰে যদি পৃথিৱীৰ বীজাণু অন্যান্য গ্রহলৈ কঢ়িয়াই লৈ যায়, তেতিয়া সেই গ্রহবোৰত জীৱনৰ অস্তিত্বৰ প্রমাণ কৰা অসম্ভৱ হৈ পৰিব৷ পৃথিৱীত বীজাণু ইমানেই সর্বব্যাপী যে মহাকাশযানবোৰক বীজাণুমুক্ত কৰিবলৈ সাধাৰণ মানুহৰ কল্পনাই ঢুকি পাব নোৱৰা বিশেষ চেষ্টা কৰিব লগা হয় ৷
আমি যদি বীজাণু–সমুদ্রতেই বাস কৰোঁ, তেন্তে বীজাণুৱে সৃষ্টি কৰা ৰোগবোৰৰ পৰা আমি মুক্ত হৈ থাকোঁ কেনেকৈ? থাকোঁ এই কাৰণেই যে সকলো প্রাণীয়েই স্বাভাৱিক প্রতিৰোধ শক্তি লৈ এই পৃথিৱীলৈ আহে৷ কিন্তু প্রতিৰোধ শক্তিৰো এটা সীমা থাকে৷ সেই সীমা পাৰ হৈ গ’লেই আমি ৰোগৰ বীজাণুৰ হাতত পৰাজিত হওঁ৷ আমি ৰোগৰ দ্বাৰা আক্রান্ত হওঁ৷ ৰোগক জয় কৰিব নোৱাৰিলে আমি মৃত্যুমুখত পৰোঁ ৷
সাধাৰণ জ্ঞানেৰেই আমি এই কথা বুজিব পাৰোঁ যে আমাৰ শৰীৰৰ সকলো অংগৰ ভিতৰত আমাৰ হাত দুখনেই বাহিৰৰ জগতৰ লগত আটাইতকৈ বেছিকৈ সংস্পর্শলৈ আহে৷ বিভিন্ন প্রয়োজনত আমি হাত দুখনেৰেই বিভিন্ন বস্তু স্পর্শ কৰোঁ৷ আমাৰ নিজৰ শৰীৰৰ অংশবোৰকো আমি স্পর্শ কৰোঁ হাত দুখনেৰেই৷ যিহেতু ওপৰত কৈ অহাৰ দৰে ৰোগৰ বীজাণু সর্বব্যাপী, গতিকে আমি য’তেই হাত দিওঁ তাতেই ৰোগৰ বীজাণু স্পর্শ কৰোঁ৷ অর্থাৎ সকলো সময়তে আমাৰ হাত দুখনত– বিশেষকৈ আঙুলিকেইটাত– বিভিন্ন প্রকাৰৰ ৰোগৰ বীজাণু লাগিয়েই থাকে৷ আমি যদি বীজাণুনাশক চাবোনেৰে হাত দুখন পৰিষ্কাৰ কৰি নাৰাখোঁ, তেন্তে সেই বীজাণুৱে শৰীৰৰ বিভিন্ন দুৱাৰেদি আমাৰ শৰীৰত প্রৱেশ কৰি নানাবিধ ৰোগৰ সৃষ্টি কৰে৷ সকলোৱে সহজে বুজিব পৰা এটা চিনাকি উদাহৰণ হ’ল পানীলগা জ্বৰ৷ আমি পানীলগা জ্বৰ হোৱা বুলি কওঁ৷ কিন্তু ইংৰাজীত কোৱা হয়–To catch cold৷ অর্থাৎ আক্ষৰিক অর্থতেই আমি পানীলগাৰ বীজাণু হাতেৰে ধৰি তাক নিজৰ শৰীৰত প্রৱেশ কৰাওঁ৷ আপোনালোক যিসকলে বাছত বা চিটীবাছত ভ্রমণ কৰে, তেওঁলোকে বাছত উঠিবলৈ বাছৰ দুৱাৰখনৰ হাতলত ধৰিব লগা হয়৷ বাছৰ ভিতৰত থিয় হৈ ভ্রমণ কৰা লোকসকলে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ কিবা এটা বস্তুত খামুচি ধৰিব লগা হয়৷ বছৰৰ পিছত বছৰ ধৰি অগণিত যাত্রীয়ে সেই হাতল ব্যৱহাৰ কৰাৰ ফলত তাত যে কিমান ৰোগৰ বীজাণু জমা হৈ থাকে সেই কথা আপুনি কল্পনাই কৰিব নোৱাৰে৷ আপুনি সকলো সময়তে কাগজৰ নোট বা মুদ্রা ব্যৱহাৰ কৰিবলগীয়া হয়৷ অসংখ্য মানুহৰ হাত বাগৰি অহা সেই কাগজৰ নোট বা মুদ্রাবোৰে সকলো সময়তে কঢ়িয়াই লৈ ফুৰে অসংখ্য ৰোগৰ বীজাণু৷ নিজৰ মটৰ–গাড়ী ব্যৱহাৰ কৰা ধনী মানুহেও দিনটোত বহুবাৰ মটৰ–গাড়ীৰ দুৱাৰ খুলিব লগা হয়৷ প্রতিবাৰেই তেওঁ স্পর্শ কৰিব লগা হয় ড্রাইভাৰে নিজৰ শেঙুণ চাফা কৰি পিছমুহূর্ততে গাড়ীৰ দুৱাৰত হাত দিয়াৰ ফলত তাত জমা হোৱা ৰোগৰ বীজাণু৷ বাকীখিনি কথা আপুনি নিজেই কল্পনা কৰি চাওক৷ গোটেই দিনটোত আপুনি নিজৰ ঘৰৰ বা অফিচৰ দুৱাৰ খোলে শৌচাগাৰ বা মূত্রাগাৰৰ দুৱাৰ খোলে মটৰ–গাড়ী বা বাছৰ দুৱাৰ খোলে আপুনি নিজে ক’ব নোৱৰাকৈ আপোনাৰ নিজৰ গা খজুৱায় কেতিয়াবা জানি–শুনিও গা খজুৱায় শিক্ষিত বা অশিক্ষিত উভয় শ্রেণীৰ লেতেৰা মানুহেই নাকৰ ভিতৰত আঙুলি সুমুৱাই নাক খজুৱায়… এনেকৈ দিনটোৰ জাগ্রত সময়খিনিৰ ভিতৰত আপোনাৰ হাত দুখন আটাইতকৈ ব্যস্ত হৈ থাকে এটা কামত ঃ সেইটো হৈছে বিভিন্ন উৎসৰ পৰা বিভিন্ন ৰোগৰ বীজাণু সংগ্রহ কৰাৰ কামত৷ এতিয়া যদি আপুনি হাত দুখন নোধোৱাকৈ হাতৰ আঙুলিৰে চকু খজুৱায়, তাৰ পৰিণামত হ’ব আপোনাৰ চকুৰ বেমাৰ৷ আপুনি যদি আঙুলিকেইটা নাক আৰু মুখৰ ওচৰলৈ নিয়ে, তেন্তে তাৰ পৰিণামত হ’ব আপোনাৰ পানীলগা জ্বৰ৷ আপুনি যদি খোৱাৰ আগতে ভালকৈ হাত নোধোৱাকৈ আহাৰ খায়, তেন্তে আপুনি পেটলৈ পঠিয়াব নানাবিধ ৰোগৰ বীজাণু৷ মুঠতে বিজ্ঞানীসকলে হিচাপ কৰি পোৱা মতে কমপক্ষেও বিশটামান ৰোগৰ একমাত্র কাৰণ হ’ল আপোনাৰ লেতেৰা হাত দুখন৷ আপুনি যদি খোৱাৰ আগতে হাত দুখন বীজাণুনাশক ঔষধেৰে ভালকৈ ধুই লয়, তেন্তে আপুনি কেইবাবিধ পেটৰ বেমাৰৰ পৰা ৰক্ষা পৰি থাকিব পাৰে৷ ঠিক সেইদৰে আপুনি যদি বাহিৰৰ জগতত নিজৰ হাত দুখনেৰে বিভিন্ন ৰোগৰ বীজাণু সংগ্রহ কৰি ঘৰলৈ অহাৰ পিছত বীজাণুনাশক ঔষধেৰে দিনত অন্ততঃ পাঁচ–ছবাৰকৈ হাত দুখন চাফা কৰে, তেন্তে আপুনি পানীলগা জ্বৰ আৰু নাক আৰু চকুৰ কেইবাটাও ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে ৷
অৱশ্যে চাবোনেৰে হাত ধোৱাৰ কেইটামান বিশেষ নিয়মো আছে৷ আপুনি কমেও বিশ ছেকেণ্ড সময় হাত দুখন ধুব লাগিব৷ আপোনাৰ হাতত চাবোনৰ ফেন উঠিব লাগিব৷ হাত ধোৱাৰ পিছত আপুনি যদি তিতা হাতেৰেই খাবলৈ আৰম্ভ কৰে, তেতিয়া কিন্তু চাবোনেৰে হাত ধোৱাৰ সম্পূর্ণ উপকাৰখিনি আপুনি নাপাব৷ হাত ধোৱাৰ পিছত আপুনি পৰিষ্কাৰ গামোচাৰে হাত দুখন মচি সম্পূর্ণকৈ শুকুৱাই পেলাব লাগিব ৷
এতিয়া প্রশ্ন হ’লঃ হাত দুখন ধুয়েই যদি ইমানবোৰ বেমাৰৰ পৰা ৰক্ষা পৰি থাকিব পাৰি, তেন্তে মানুহে হাত নোধোৱে কিয়? ঘাই কাৰণ দুটা হ’ল অজ্ঞতা আৰু আলস্য৷ অজ্ঞতা দূৰ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই প্রতিবছৰে’World Hand Washing Day’ অর্থাৎ ‘বিশ্ব হাত ধোৱা দিৱস’ উদ্যাপন কৰি সমগ্র পৃথিৱীৰ মানুহক হাত ধোৱাৰ প্রয়োজনীয়তাৰ কথা সোঁৱৰাই দিব লগা হৈছে৷ আন বহুতো মানুহে ক’ব খোজে– ‘উদৰ সাত–পুৰুষ গ’ল কেঁচা মাছ খাই, এতিয়া আকৌ ভজা মাছৰ কথা উলিয়াব লাগে কিয়?’ তদুপৰি পৃথিৱীত চাবোনৰ প্রচলন হোৱাৰ বেছি দিন হোৱা নাই তাৰ আগতে মানুহে কি উপায়েৰে হাত চাফা কৰিছিল? এই দুটা প্রশ্ণৰ উত্তৰত ইয়াকেই ক’ব পাৰি যে সৌ সিদিনালৈকে মানুহৰ গড় হিচাপে আয়ুস আছিল ত্রিশ বছৰ বা তাতোকৈ কম এতিয়া ভাৰতীয় মানুহৰো আয়ুস প্রায় সত্তৰ বছৰলৈ বৃদ্ধি পাইছে৷ সৌ–সিদিনালৈকে মহামাৰী ৰোগে প্রতিবছৰে হাজাৰ হাজাৰ মানুহৰ প্রাণ লোৱাটো আছিল এটা অতি স্বাভাৱিক আৰু সাধাৰণ ঘটনা৷ কিন্তু এতিয়া মহামাৰীক চিৰবিদায় দিয়াটো সম্ভৱ হৈছে৷ মানুহৰ আয়ুস বৃদ্ধি কৰা আৰু ৰোগ নিয়ন্ত্রণ কৰাত যিকেইটা বস্তুৱে গুৰুত্বপূর্ণ ভূমিকা লৈছে সেইবোৰৰ ভিতৰত এটা হ’ল চাবোন৷ গতিকে চাবোন বিলাসিতা নহয়, বৰং সুস্থ জীৱন যাপনৰ কাৰণে ই এটা অপৰিহার্য উপাদান৷
গাঁৱৰ বা চহৰৰ দুখীয়া মানুহে ঘনাই চাবোন ব্যৱহাৰ কৰিব নোখোজে আর্থিক কাৰণত৷ তেওঁলোকে দুবেলা দুমুঠি পেট ভৰাই খাবলৈকে নাপায়, তেনেস্থলত চাবোনৰ বিলাসিতা কৰিবলৈ ধন পাব ক’ত? কিন্তু তেওঁলোকক এই কথা বুজোৱা উচিত যে চাবোনৰ কাৰণে যিমান ধন খৰচ হয়, তাতোকৈ বহু গুণে বেছি ধন খৰচ হয় চাবোন ব্যৱহাৰ নকৰাৰ ফলত হোৱা বিভিন্ন ৰোগৰ চিকিৎসাত৷ শাকত নাখায় লোণ, পিটিকাত যায় চাৰি গুণ৷ গতিকে বীজাণুনাশক ঔষধৰ দ্বাৰা হাত দুখন চাফা কৰি ৰাখিবলৈ সর্বসাধাৰণ মানুহক শিকাবৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা লোৱা উচিত ৷