নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ ঘুণাসুঁতিৰ চলিচুক মাহৰা ঘাটত নাও দুৰ্ঘটনা

বিশেষ বাৰ্তা, ১৯ আগষ্ট : যাতায়াতৰ দুৰৱস্থাৰ বাবেই আজি কুৰিগৰাকীৰো অধিক শিক্ষাৰ্থীয়ে যমৰ ঘৰৰ দুৱাৰডলিৰ পৰা কথমপি উভতি আহিবলগীয়া ঘটনা সংঘটিত হয় ঘুণাসুঁতিত। আজি বিয়লি লখিমপুৰ জিলাৰ ঘুণাসুঁতিৰ চলিচুকৰ মা-হৰা ঘাটত সংঘটিত হয় এক ভয়ানক নাও দুৰ্ঘটনা। দুৰ্ঘটনাটোত ২১গৰাকীকৈ শিক্ষাৰ্থী ঘাটৈসহ পানীত পৰে যদিও অৱশ্যে মিচিং জাতীয় সংগঠনৰ কৰ্মী আৰু স্থানীয় কিছু লোকৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰে সকলোৰে। উল্লেখ্য যে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত চলিচুক আৰু মাহৰা ঘুণাসুঁতিৰ মাজৰ এৰা সোৱণশিৰি নদীৰ বুকুত থকা একমাত্ৰ জৰাজীৰ্ণ কাঠৰ দলংখন কিছুদিন পূৰ্বে ভাগি থকাত নাৱেৰে যাতায়াত অব্যাহত ৰাখিছিল গঞাই। নাৱেৰে যাতায়াত চলাব লগাত বৃহৎ অসুবিধাত পৰা বাবে ৰাইজে মিচিং জাতীয় সংগঠন টিএমপিকে আৰু এমএমকেৰ উদ্যোগত ভগা দলংখন মেৰামতিৰ কাম চলি আছিল। তাৰ মাজতে আজি বিয়লি প্ৰায় আঢ়ৈ মান বজাত ঘুণাসুঁতিৰ মিৰিজীয়ৰি কলেজ আৰু ঘুণাসুঁতি গাৰ্লছ হাইস্কুলৰ ২১গৰাকী শিক্ষাৰ্থী বিদ্যালয় ছুটীৰ পিছত ঘৰলৈ অহাৰ পথতে চুলিচুকৰ সেই মা-হৰা ঘাটত নাও ডুবি পানীত পৰি যায়। তেনে সময়ত ঘটনাস্থলীৰ ওচৰতে ভগা দলংখন মেৰমতি কৰি থকা মিচিং জাতীয় সংগঠনৰ  একাংশ লোক আৰু স্থানীয় কেইজনমান লোকে চিঞৰ-বাখৰ শুনি ততালিকে গৈ উদ্ধাৰ অভিযান চলোৱাত সকলো শিক্ষাৰ্থীয়েই পাৰলৈ উঠিবলৈ সক্ষম হয়। কিন্তু ছাত্ৰ-ছাত্ৰী সকলৰ কিতাপ-বহী, কলম ইত্যাদি বেগবোৰ নদীত ডুব যোৱাত সকলো নষ্ট হয়। অনাগত সময়ত শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিবলৈ এতিয়া একোৱেই নাই হাতত। উল্লেখ্য যে কোনো শিক্ষাৰ্থী গুৰুত্বৰভাৱে আহত হোৱা নাই যদিও বহুতৰ নাকে-মুখে পানী সোমাই কষ্ট পোৱাত বাতৰি লেখাৰ পৰলৈকে ১৫জনকৈ শিক্ষাৰ্থীক ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছে।
প্ৰেৰক ৰাজীৱ বৰুৱা
You might also like