নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ৰে’ল ষ্টেচনত চোৰাং তেলৰ ব্যৱসায়ী চক্র উৎখাত

হেদায়েৎপুৰত মহিলাসহ তিনি চোৰক গণপ্রহাৰঃ মাষ্টাৰমাইণ্ড কালিয়াক আটক

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ গুৱাহাটী ৰে’ল ষ্টেচনত দীর্ঘদিন ধৰি চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা এটা ঘাটি বৃহস্পতিবাৰে ৰাইজে উৎখাত কৰে৷ দীর্ঘদিন ধৰি গুৱাহাটী ষ্টেচনত ৰখাই থোৱা ৰে’লৰ পৰা এই চক্রটোৱে তেল চুৰি কৰি মহানগৰীৰ বিভিন্ন স্থানত বিক্রী কৰি আহিছিল৷ বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত গুৱাহাটী ষ্টেচনত ৰখাই থোৱা ৰে’লৰ পৰা ডিজেল চুৰ কৰি ৰিক্সাৰে আনি থকা সময়তে স্থানীয় ৰাইজে হাতে–লোটে মহিলাসহ তিনিজনক আটক কৰি উত্তম–মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চোৰকেইটাক আটক কৰি থানালৈ আনে৷ ধৃত চোৰকেইটা ক্রমে ফুলং আলী, ৰাজীৱ আলম আৰু মনোৱাৰ হুছেইন৷ ধৃত চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত চোৰাং তেলৰ ব্যৱসায় চলাই থকা কালিয়াক আৰক্ষীয়ে ভাৰাঘৰৰ পৰা আটক কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে দীর্ঘদিন ধৰি কালিয়াই জাহাংগীৰ আহমেদ নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে থাকি ৰে’লৰ পৰা তেল চুৰ কৰি আহিছিল৷ এই চুৰি কার্যত কালিয়াই বহুকেইটা শিশুক নিয়োগ কৰিছিল৷ অৱশ্যে আজি আৰক্ষী অহাৰ উমান পাই তেল চুৰি কার্যত নিয়োজিত শিশুকেইটাই পলায়ন কৰে৷ সম্প্রতি ধৃত চোৰকেইটাক পল্টনবজাৰ আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে৷

You might also like