নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়া সভ্য সমাজৰ ওপৰত অসভ্য সমাজৰ আক্ৰমণ

🔹 ধিঙৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ প্ৰতিক্ৰিয়া

বিশেষ বাৰ্তা, ২৫ আগষ্ট : নগাঁও জিলাৰ ধিঙত মানৱ সমাজক লজ্জানত কৰা জঘন্য কাৰ্যৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে আজি নগাঁৱত নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে উক্ত ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। নগাঁও চহৰত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত মন্ত্ৰীগৰাকীয়ে চমু সাক্ষাৎকাৰত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কয়- ধিঙৰ ঘটনাটো অকল ধিঙৰ ঘটনা নহয়। মধ্য অসম, নামনি অসম, উত্তৰপাৰতো এনে ঘটনা হৈছে। আনকি মোৰ নিজা সমষ্টি ঢেকীয়াজুলিতো তিনিটা ধৰ্ষণৰ ঘটনা হৈছে। দুটি ধৰ্ষণৰ চেষ্টা কৰাৰ ঘটনা হৈছে। এই ধৰ্ষণৰ ঘটনাসমূহ সভ্য সমাজৰ ওপৰত অসভ্য সমাজৰ আক্ৰমণৰ ঘটনা বুলি মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ লগতে কয় যে এই অসভ্য সমাজক উত্তৰ দিবলৈ সভ্য সমাজ একগোট হ’ব লাগিব, সংগঠিত হ’ব লাগিব। ইয়াৰ বাহিৰে আন বিকল্প পথ আমাৰ হাতত নাই। ধৰ্ষণৰ ঘটনা হোৱাৰ পিছত আৰক্ষীয়ে ব্যৱস্থা লয়। কিন্তু এই মানসিকতাৰ পৰা অসভ্য সমাজক মুক্তি দিবলৈ সভ্য সমাজ সংগঠিত হ’ব লাগিব। এই যুঁজ সভ্য সমাজ আৰু অসভ্য সমাজৰ মাজত আছে। কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে বেয়া কথা কয়, যিসকলে ধৰ্ষণ হৈছে নে নাই এই কথা কয়, তেওঁলোকে অসভ্য সমাজক প্ৰতিনিধিত্ব কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like