নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া সমাজত মহাদেৱৰ আৰাধনাৰ নামত সৃষ্টি হৈছে বিজতৰীয়া সংস্কৃতি : ময়ূৰ বৰা

🔹 বজালী আধ্যাত্মিক গীতা সত্ৰৰ যুৱ মিত্ৰৰ প্ৰথম বাৰ্ষিক সন্মিলন

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : “অসমীয়া সমাজত এতিয়া শাওণ মাহৰ মৰ্যাদা লাহে লাহে অৱনমিত হ’বলৈ ধৰিছে৷ মহাদেৱৰ আৰাধনাৰ নামত সৃষ্টি হৈছে এক বিজতৰীয়া সংস্কৃতিৰ৷ যি সংস্কৃতি আমি কেতিয়াও দেখা নাছিলো৷’- এই মন্তব্য বিশিষ্ট লেখক, সমালোচক তথা চিন্তাবিদ ময়ূৰ বৰাৰ৷ আজি পাঠশালাৰ নাট্য মন্দিৰত বজালী আধ্যাত্মিক গীতা সত্ৰৰ অন্তৰ্গত যুৱ মিত্ৰৰ প্ৰথম বাৰ্ষিক সন্মিলন অনুষ্ঠিত হয়৷ এই সন্মিলনত “অসমীয়া জাতিৰ উত্তৰণত আধ্যাত্মিক চিন্তাৰ প্ৰাসংগিকতা আৰু যুৱপ্ৰজন্মৰ কৰণীয়” শীৰ্ষক ব্ক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট চিন্তাবিদগৰাকীয়ে কয়- “আমি এইবোৰ অপসংস্কৃতি বন্ধ কৰি এক সুন্দৰ আধ্যাত্মিকতাৰ ভাবেৰে শিৱক আৰাধনা কৰিব পাৰোঁ৷ যেনেদৰে পবিত্ৰ ভাদ মাহত আমাৰ মহাপুৰুষ দুজনাৰ তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সম্পূৰ্ণ আধ্যাত্মিকতাৰ ভাবেৰে আৰধনা কৰি আমাৰ সংস্কৃতি জীপাল কৰি ৰাখিবলৈ চেষ্টা কৰিছে ধৰ্মপ্ৰাণ ৰাইজে৷” যুৱ মিত্ৰৰ প্ৰধান সম্পাদক হীৰকজ্যোতি তালুকদাৰে আঁত ধৰা অনুষ্ঠানত বজালী আধ্যাত্মিক গীতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ লক্ষেশ্বৰ দাসে আদৰণী ভাষণ প্ৰদান কৰাৰ পিছতে অসম বাৰ্তাজীৱী সংঘৰ বজালী জিলা সমিতিৰ সভাপতি কৈলাস চৌধুৰী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা মৃদুল তালুকদাৰ আৰু বিশিষ্ট অধিবক্তা ধনজিত দাসে আধ্যাত্মিকতাবাদ, বৰ্তমানৰ যুৱ সমাজ আৰু আধ্যাত্মিক গীতা সত্ৰৰ ওপৰত সুন্দৰ বক্তৃতা প্ৰদান কৰে৷ একাংশ যুৱ শিল্পীৰ বৰগীত আৰু হোলীগীতেৰে মুখৰ এই অনুষ্ঠানত অসমৰ বিশিষ্ট যুৱ শিল্পী অৰূপজ্যোতি বৰুৱাক “যুৱ প্ৰেৰণা সন্মান ২০২৪” প্ৰদান কৰা হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like