নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত মিঞাৰ লাভ জেহাদ : বাবু আলীক গ্ৰেপ্তাৰ

🔹 ভাৰাতীয়া মিঞাই ছদ্মনামেৰে যুৱতীক পলুৱাই নিয়াক লৈ চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : ধিঙৰ বৰ্বৰ কাণ্ড আৰু তাৰ পৰৱৰ্তী সময়ত ৭ দিনৰ ভিতৰত শিৱসাগৰকে ধৰি সমগ্ৰ উজনি অসমৰ পৰা মিঞাক টালি-টোপোলা বান্ধি যাবলৈ চূড়ান্ত সময়সীমা বান্ধি দিয়াৰ লগতে সমগ্ৰ জিলাখনতে চেপা উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে এইবাৰ সংঘটিত হ’ল মিঞাৰ লাভ জেহাদৰ এক ঘটনা ৷ শিৱসাগৰৰ ত্ৰিশটা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে ঐক্যবদ্ধভাৱে মিঞাক উজনি ত্যাগ তথা মিঞাই নিৰন্তৰ সংঘটিত কৰি অহা দুষ্কাৰ্য মুকলিকৈ উত্থাপন কৰি অহাৰ সময়তে পোহৰলৈ আহিছে এই ভয়ংকৰ লাভ জেহাদৰ ঘটনা৷ ইতিমধ্যে শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষীয়ে অতি তৎপৰতাৰে বাবু আলীক আটক কৰাৰ লগতে দুৰ্ভগীয়া যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত বাতৰি মতে, ৰংঘৰ চাৰিআলিত ভাৰাতীয়া হিচাপে থকা তথা পেছাত এখন দোকানৰ কৰ্মচাৰী বাবু আলীয়ে অতি কৌশলেৰে ছদ্মনামেৰে যুৱতীগৰাকীক ফুচুলাই নিজৰ জালত পেলাবলৈ সক্ষম হয় ৷ আজিৰ পৰা তিনিটা দিনৰ পূৰ্বে হিন্দু যুৱক হিচাপে ঘনিষ্ঠ সম্পৰ্ক বৰ্তাই ৰখা চতুৰ বাবু আলীয়ে কালুগাঁৱৰ যুৱতীগৰাকীক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন হোটেললৈ তিনি দিনৰ পূৰ্বে চাহ খাবলৈ বুলি লৈ গৈছিল ৷ ইয়াৰ পিছতেই উদণ্ড বাবু আলীয়ে যুৱতীগৰাকীক মৃত্যুৰ ভাবুকিৰে গহপুৰলৈ লৈ যায়। ইফালে, যুৱতীগৰাকী সন্ধানহীন হোৱাৰ কথা জানিব পাৰি পিতৃয়ে জয়সাগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে তৎপৰতাৰে অনুসন্ধান আৰম্ভ কৰি গহপুৰৰ এটা স্থানত আত্মগোপন কৰাৰ তথ্য লাভ কৰে ৷ এই তথ্যৰ ভিত্তিতেই আজি পুৱতি নিশা জয়সাগৰ আৰক্ষী চকীৰ আৰক্ষীয়ে উক্ত স্থানত অভিযান চলাই যুৱতীগৰাকীৰ লগতে বাবু আলীক আটক কৰি শিৱসাগৰলৈ আনে ৷ ইফালে, শিৱসাগৰৰ খিলঞ্জীয়া যুৱতীক মিঞাই ফুচুলাই নিয়া আৰু বাবু আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ খবৰ পায়ে আহোম সেনাৰ নেতা অঞ্জন গগৈ আৰু অসমীয়া যুৱ মঞ্চৰ ৰিদীপ ডেকাৰ নেতৃত্বত শতাধিক কৰ্মী জয়সাগৰ আৰক্ষী চকীত উপস্থিত হৈ মিঞা বাবু আলীক দৃষ্টান্তমূলক কঠোৰ শাস্তিৰ দাবী তোলে ৷ দুয়োটা সংগঠনৰ কৰ্মকৰ্তাসকলে ৰাইজক সাৱধান হ’বলৈ আহ্বান জনোৱাৰ লগতে পূৰ্ব নিৰ্ধাৰিত ঘোষণা অনুসৰিয়েই অহা শুকুৰবাৰৰ ভিতৰত মিঞাক শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ উজনি অসমৰ পৰা টালি-টোপোলা বান্ধি বিদায় ল’বলৈ আহ্বান জনায় ৷ অন্যথা পৰৱৰ্তী সময়ত সৃষ্টি হ’ব পৰা যিকোনো অনাহূত পৰিস্থিতিৰ বাবে জাতীয় সংগঠনৰ কৰ্মী দায়ী নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান
You might also like