নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ বাসিন্দা দুই মহিলাক কৰায়ত্ত বিএছএফৰ

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত কৰায়ত্ত কৰা দুগৰাকীক মহিলাক কালি বিএছএফে ধুবুৰী সদৰ থানাত চমজাই দিয়া হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে ভাৰতীয় নাগৰিক তথা সেই মহিলাদ্বয়ক কি কাৰণে কৰায়ত্ত কৰা হৈছে সেই সন্দৰ্ভে ধুবুৰী আৰক্ষী অথবা বিএছএফে বৰ্তমানলৈ আনুষ্ঠানিকভাবে একে জনোৱা নাই। আনুষ্ঠানিকভাবে একো নজনালেও বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধভাবে প্ৰৱেশ কৰা কোনো বাংলাদেশী নাগৰিকৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত দুয়োকে কৰায়ত্ত কৰা হৈছে বুলি সন্দেহ কৰা হৈছে। ধুবুৰী চহৰৰ পাৰ্শৱৰ্তী তথা ভাৰত-বাংলাদেশ সীমান্তৰ দূৰ্গম পাটামাৰী অঞ্চলৰ পৰা কৰায়ত্ত কৰা সেই মহিলা দুগৰাকী জাবেদা খাতুন (৪৫) আৰু তহিৰণ বিবি (৪৪) বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like