নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীব্ৰবেগী বাহনৰ খুন্দাত নিহত প্ৰাত:ভ্ৰমণলৈ যোৱা ২ মহিলা

🔹 মঙলদৈ শাকতোলা দলঙৰ সমীপত পুৱাই অঘটন

ষ্টাফ ৰিপৰ্টাৰ, ৩০ আগষ্ট : মঙলদৈ শাকতোলা দলঙৰ সমীপত আজি পুৱাই সংঘটিত এক পথ দুৰ্ঘটনাত দুগৰাকীকৈ মহিলাই প্ৰাণ হেৰুৱায়। মহিলা দুগৰাকীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাত:ভ্ৰমণলৈ ওলাই আহি আৰু জীৱিত ৰূপত ঘৰলৈ উভতি নগ’ল। তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় মহিলা দুগৰাকী। পিপৰা দোকান পটালছিংপাৰা গাঁৱৰ মহিলা দুগৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ইয়াৰ কোনো ফল নধৰিলে। এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আনগৰাকীক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাত চিকিৎসালয়ত মৃত ঘোষিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত মহিলাগৰাকী ৰীণা বৰুৱা আৰু চিকিৎসালয়ত মৃত্যুবৰণ কৰা মহিলাগৰাকীক জাহ্নু বৰুৱা বুলি চিনাক্ত কৰা হৈছে। নিহত মহিলা দুগৰাকী পটালচিংপাৰাৰ।

প্ৰেৰক দিগন্ত শৰ্মা

You might also like